আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

আজি ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ২১ সংখ্যক ভাৰত–ৰাছিয়া শীৰ্ষ সন্মিলনত মিলিত হ’ব। ২০১৯ৰ নৱেম্বৰত ব্ৰাজিলিয়াত BRICS শীৰ্ষ সন্মিলনৰ পিছত দুয়োজন ৰাষ্ট্ৰনেতাৰ এয়া হ’ব প্ৰথম মুখামুখি বৈঠক। অ’মিক্ৰনক লৈ সমগ্ৰ বিশ্বজুৰি সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতি সৃষ্টি হোৱাৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। এই শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ আলোচনাত মিলিত হোৱাৰ লগতে উভয় দেশৰ সম্পৰ্ক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিব। শীৰ্ষ সন্মিলনৰ পূৰ্বে দুয়োদেশৰ বৈদেশিক আৰু প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ পৰ্যায়ৰ আলোচনাও অনুষ্ঠিত হ’ব। মূলতঃ ৰাজনৈতিক আৰু প্ৰতিৰক্ষা বিষয়সমূহক এই আলোচনাত উভয় দেশে অগ্ৰাধিকাৰ প্ৰদান কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...