হিটমেনৰ নেতৃত্বত বিৰাট কোহলিৰ কেৰিয়াৰৰ শততম টেষ্ট

শুকুৰবাৰৰ মহালিত আৰম্ভ হৈছে ভাৰত শ্ৰীলংকাৰ শৃংখলাৰ প্ৰথমখন টেষ্ট। সিংহলী বাহিনীৰ বিৰুদ্ধে টেষ্টখন পৰিগণিত হৈছে ভাৰতীয় ক্ৰিকেটৰ বাবে অন্য এক মাইলৰ খুঁটি। টেষ্টতো পূৰ্ণকালীন অধিনায়ক হিচাপে অভিষেক ঘটিল হিটমেন ৰোহিতৰ। লগে লগে আৰম্ভ হ’ল টেষ্টত ৰোহিত শৰ্মা যুগৰ। ২২ বছৰৰ পিছত মুম্বাইৰ ক্ৰিকেটাৰে পূৰ্ণকালীন অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ। টেষ্টখনৰ পূৰ্বে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল ক্ৰিকেট অনুৰাগী। মহালিৰ খেলপথাৰত একেলগে ভাৰতীয় ক্ৰিকেটাৰ, প্ৰশিক্ষকৰ সৈতে দেখা গ’ল অনুষ্কা শৰ্মাক। বিৰাট কোহলিক শততম মেচৰ পূৰ্বে শুভেচ্ছা জনালে প্ৰশিক্ষকৰ লগতে প্ৰতিজন দলীয় সতীৰ্থই।

কোহলিৰ হাতত প্ৰশিক্ষক দ্ৰাবিড়ে তুলি দিলে এটি স্মাৰক। দ্ৰাবিড়ে ৰাণ মেছিনক প্ৰশংসা কৰি ক’লে- মহালিৰ টেষ্ট কোহলিৰ জীৱনৰ অন্যতম মাইলৰ খুঁটি। এই সন্মান কোহলিৰ প্ৰাপ্য। ‘দ্য ৱাল’ৰ পৰা সন্মান গ্ৰহণ কৰি সুখী বিৰাট কোহলি। কিং কোহলিয়ে কয়- এয়া মোৰ বাবে বিশেষ ক্ষণ। কাষত মোৰ পত্নী। গেলাৰীত ভাতৃ। আনফালে সতীৰ্থৰ শুভেচ্ছা। এয়াই মোৰ আগুৱাই যোৱাৰ অন্তহীন প্ৰেৰণা।

উল্লেখ্য যে, জ্যেষ্ঠ ভাতৃৰ শততম টেষ্ট উপভোগ কৰিবৰ বাবে মহালিত উপস্থিত হৈছেগৈ ভাতৃ বিকাশ কোহলিয়ো। স্মাৰক গ্ৰহণ কৰি অনুষ্কাৰ সৈতে কোহলিৰ আলিংগনৰ দৃশ্য দেখি গেলাৰীত থকা প্ৰতিজনে হাত চাপৰিৰে অভিবাদন জনালে বীৰষ্কাক। অনুৰাগীৰ হৰ্ষোল্লাহে প্ৰাণৱন্ত কৰি তোলে মহালি ষ্টেডিয়াম। অৱশ্যে, শততম টেষ্টতো বিশেষ সাফল্যৰ মুখ নেদেখিলে কোহলিয়ে। ৪৫ ৰাণ কৰিয়েই পেভিলিয়নমুখী হ’ল টেষ্টখনৰ বিশেয তাৰকাজন। প্ৰায় আঢ়ৈ বছৰ ধৰি শতকৰ পৰা বঞ্চিত বিৰাট কোহলি। অনুৰাগীয়ে ভাবিছিল শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টেষ্টতে এই ব্যৰ্থতাৰ অৱসান ঘটাব কিন্তু পুনৰ অপেক্ষাৰ অন্ত পেলোৱাত ব্যৰ্থ ক্ৰিকেটাৰজন। বিৰাট আউট হোৱা দেখি ৰোহিতৰ মুখতো পৰিলক্ষিত হৈছিল দুখৰ হুমুনিয়াহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...