দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হ’ব মিথুন চক্ৰৱৰ্তী

চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনন্য অৱদানৰ বাবে মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা সন্মান। ৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব চিৰসেউজ অভিনেতাজনক। এই কথা ঘোষণাৰ পাছতে আনন্দতে একপ্ৰকাৰ বাকৰুদ্ধ হৈ পৰিছে অভিনেতাজন। ১৯৭৬ত চনত অভিনয় জগতত খোজ দিছিল মিথুন চক্ৰৱৰ্তীয়ে। বিখ্যাত চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ ছবিত অভিনয়েৰে আৰম্ভ কৰিছিল কেৰিয়াৰ। মৃণাল সেনৰ পৰিচালিত ‘মৃগয়া’ ছবিৰে বলীউডত ভুমুকি মাৰিছিল মিথুন চক্ৰৱৰ্তীৰ।

‘মৃগয়া’ত অভিনয় কৰিয়েই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল দাদাই। পৰৱৰ্তী সময়তো দুবাৰকৈ লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা। ‘মৃগয়া’ৰ পিছৰে পৰা সাম্প্ৰতিক সময়লৈকে অজস্ৰ জনপ্ৰিয় ছবিত অভিনয় কৰিছে মিথুন চক্ৰৱৰ্তীয়ে।

বাংলা ছবি ‘কালপুৰুষ’, ‘অভিমন্যু’তো মিথুন চক্ৰৱৰ্তীৰ দুৰ্দান্ত অভিনয়। ১৯৮২ চনত বক্স অফিচত বিপুল সঁহাৰি অভিনেতাজনৰ ‘ডিস্কো ডান্সাৰ’ৰ। ১৯৯০ত ‘অগ্নিপথ’ৰ বাবেও যথেষ্ট প্ৰশংসিত হৈছিল মিথুন চক্ৰৱৰ্তী। শেহতীয়াকৈ বলিউডৰ কাশ্মীৰ ‘ফাইলছ’তো নিভাঁজ অভিনয় মিথুন চক্ৰৱৰ্তীৰ।

এক দীঘলীয়া সময়জুৰি দৰ্শকক মনোৰঞ্জন দি আহিছে জনপ্ৰিয় অভিনেতাজনে। নিজৰ বলিষ্ঠ অভিনয়েৰে চলচ্চিত্ৰ জগতখনত সবলভাৱে থিয় হৈ আছে ৭৪ বৰ্ষীয় অভিনেতাজন। সম্প্ৰতি দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব অভিনেতাজনক৷ ৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত এই বঁটা প্ৰদান কৰা হ’ব অভিনেতাজনক৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

‘ডিস্ক’ ডান্সাৰ’ৰ পৰা OMGলৈ, ‘জল্লাদ’ৰ পৰা ‘খিলাড়ী 786’লৈ মিথুন চক্ৰৱৰ্তীৰ এক বৰ্ণিল চলচ্চিত্ৰ জীৱন পৰিক্ৰমা। বাংলা, হিন্দী, ওড়িয়া, ভোজপুৰী, তামিল, তেলেগু, কানাড়াৰ সমান্তৰালকৈ পাঞ্জাৱীত ছবিতো অভিনয় মিথুন চক্ৰৱৰ্তীৰ। এসময়ত মিঠুন চক্ৰৱৰ্তীৰ চিনেমা বুলি ক’লে চিনেমা হললৈ সোঁত বৈছিল সহস্ৰাধিক দৰ্শকৰ। মিঠুন চক্ৰৱৰ্তী বুলি ক’লে প্ৰতিজনৰ চকুলৈ ভাঁহি আহি বহু জনপ্ৰিয় চৰিত্ৰ। আজিকালি বিভিন্ন ৰিয়েলিটি শ্ব’ত বিচাৰক হিচাপেও দেখা দিয়ে মিথুন চক্ৰৱৰ্তীক। কলকাতাৰ গলিৰ পৰা বলিউডৰ প্ৰতিষ্ঠিত অভিনেতালৈ মিথুন চক্ৰৱৰ্তীৰ যাত্ৰা নাটকীয় আৰু বৰ্ণিল। এসময়ত শৰীৰৰ ৰঙৰ বাবে ৭০-৮০ দশকত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল মিথুন চক্ৰৱৰ্তী।

দাদা চাহেব ফাল্কে বঁটা লাভ কৰাৰ মিথুনক লৈ যথেষ্ট সুখী মিথুনৰ অনুৰাগী। এই আনন্দৰ মুহূৰ্তৰ জনপ্ৰিয় অভিনেতাজনলৈ আমিও জনাইছোঁ অলেখ শুভকামনা।

Popular

More like this
Related

মণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযান

গৰৈমাৰীত গুণ্ডাৰাজমণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযানআকৌ আৰম্ভ হৈছে লাট-মণ্ডলৰ...

লেবাননত অব্যাহত ইজৰাইলী বাহিনীৰ বিধ্বংসী আক্ৰমণ

হেজবোল্লা মুৰব্বীৰ হত্যাৰ পিছতো ক্ষান্ত হোৱা নাই ইজৰাইলী বাহিনী।...

মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ!

মোবাইল আসক্তিৰ ভয়ংকৰ পৰিণতি। মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই...

পুনৰ বিদেশ ভ্ৰমণলৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড'ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ...