ৰাছিয়াৰ সৈতে তেলৰ বাণিজ্য চলাই যোৱাৰ বাবে ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্কৰ বৰষুণ পৰিছে। ভাৰতীয় পণ্যৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰা হৈছে। এইদৰে পৰোক্ষভাৱে ৰাছিয়াক ‘শাস্তি’ দিব খোজে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে, কেৱল ভাৰতক জৰিমনাৰে ৰাছিয়াৰ ‘শাস্তি’ সীমাবদ্ধ নহয়। বৰং ট্ৰাম্পে আৰু কিছু পৰিকল্পনা কৰিছে। ফলত আৰু কিছু দেশৰ ওপৰতো আমেৰিকাৰ কোপদৃষ্টি পৰিব পাৰে।
ইন্ধন, বিশেষকৈ খনিজ তেলৰ বিক্ৰীক আমেৰিকাই ৰাছিয়াৰ যুদ্ধৰ আঁৰৰ আৰ্থিক উৎস বুলি ভাৱে। দাবী কৰা হৈছে যে, খনিজ তেল বিক্ৰীৰ পৰা ৰাছিয়াই পোৱা ধনেৰে ইউক্ৰেইনৰ যুদ্ধত খৰচ কৰি আছে। ফলত পূব ইউৰোপত যুদ্ধৰ পৰিস্থিতি। আমেৰিকা আৰু ইউৰোপৰ দেশসমূহে যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ পৰা লাভ হোৱা নাই। সেইবাবে ট্ৰাম্পে প্ৰত্যক্ষভাৱে ভাৰতক দায়ী কৰিছে। তেওঁ দাবী কৰিছে, ভাৰতে ৰাছিয়াৰ খনিজ তেল আৰু অস্ত্ৰ কিনি আছে। এই ধনেৰে ইউক্ৰেইনৰ যুদ্ধত খৰচ হৈছে। অৰ্থাৎ, নতুন দিল্লীয়ে ৰাছিয়াক ইউক্ৰেইনত যুদ্ধ চলাই যাবলৈ সহায় কৰি আছে। ট্ৰাম্পৰ এই অভিযোগৰ উত্তৰত ভাৰতে কেইবাবাৰো নিজৰ অৱস্থান স্পষ্ট কৰিছে। জাতীয় স্বাৰ্থ আৰু আন্তৰ্জাতিক বজাৰৰ মূল্যৰ কথা মনত ৰাখিয়েই বাণিজ্য নীতি নিৰ্ধাৰণ কৰা হয় বুলি ভাৰতে জনাইছে।
ব্লুমবাৰ্গৰ প্ৰতিবেদনত কোৱা হৈছে, ৰাছিয়াৰ গোপন তেলৰ টেংকাৰেই ইউক্ৰেইন যুদ্ধৰ অন্যতম প্ৰধান আৰ্থিক সহায়ক। আমেৰিকা আৰু ইউৰোপৰ নিষেধাজ্ঞা এৰাই এই টেংকাৰসমূহে গোপনে সমুদ্ৰত যাতায়াত কৰে। কিছুমান দেশে এই কামত সহায় কৰে। এই গোপন টেংকাৰৰ পৰিচালনাত ৰাছিয়াক সহায় কৰা দেশসমূহৰ ওপৰত এইবাৰ আমেৰিকাৰ কোপদৃষ্টি পৰিব। আমেৰিকাই এই গোপন টেংকাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব পাৰে। যিসকলে এই টেংকাৰসমূহক সহায় কৰিছে, তেওঁলোকৰ ওপৰতো নিষেধাজ্ঞা আৰোপ হ’ব পাৰে। এনেদৰে ৰাছিয়াক অকলশৰীয়া কৰাৰ পৰিকল্পনা কৰা হৈছে। কিছুদিন আগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ চীফ অৱ ষ্টাফ এণ্ড্ৰি ইয়েৰমাকে সামাজিক মাধ্যমত ৰুছ তেলৰ টেংকাৰৰ বিষয়ে আলোকপাত কৰিছিল। তেওঁ দাবী কৰিছিল যে, যুদ্ধৰ ধনৰ প্ৰধান উৎস এই টেংকাৰসমূহ। তেওঁ কয়, “ৰাছিয়াই নিষেধাজ্ঞা এৰাই চলিব পাৰিছে আৰু যুদ্ধৰ বাবে ধন যোগাৰ কৰিব পাৰিছে, ইয়াৰ মেৰুদণ্ড হৈছে তেওঁলোকৰ টেংকাৰসমূহ।”
ইন্ধনৰ পৰা পুটিনৰ আয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, তাক আমেৰিকাৰ বিষয়াসকলে পৰীক্ষা কৰি আছে। বিভিন্ন তেল কোম্পানীৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে। বৰ্তমানৰ শুল্কৰ পৰিমাণ বঢ়াব পৰা যায়। যিকোনো উপায়েৰে, তেলৰ পৰা ৰাছিয়াৰ আয় কমাবলৈ ট্ৰাম্প বদ্ধপৰিকৰ। তেওঁৰ আশা, এই চাপৰ আগত পুটিনে নতি স্বীকাৰ কৰিব আৰু ইউক্ৰেইনত যুদ্ধ বন্ধ কৰিব। যদিও বিশেষজ্ঞৰ এটা অংশৰ মতে, এইটো ইমান সহজে নহ’ব। ট্ৰাম্পে যি পদক্ষেপেই লওক, পুটিন আৰু জেলেনস্কিৰ মাজত সহজে যুদ্ধবিৰতিৰ বুজাবুজি নহ’ব। তথাপিও ইতিবাচক আলোচনা আৰম্ভ হ’ব পাৰে।
বুধবাৰে ৰাছিয়ালৈ গৈ পুটিনৰ সৈতে বৈঠক কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে। ক্ৰেমলিনৰ পৰা এতিয়ালৈকে সেই বৈঠকৰ বিষয়ে বিশেষ একো জনোৱা হোৱা নাই। কিন্তু ট্ৰাম্পে দাবী কৰিছে যে, ৰাছিয়াৰ সৈতে আলোচনা অত্যন্ত ফলপ্ৰসূ হৈছে। ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপৰ ফলতেই এই আলোচনা ইতিবাচক হৈছে নেকি, সেই সম্ভাৱনাও নোহোৱা নহয়।
