১২ কোটি টকাৰ ৰ’লছ ৰয়ছ কালিনান ক্ৰয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী উৰ্বশী ৰাউটেলা

বলীউড অভিনেত্ৰী উৰ্বশী ৰাউটেলা শেহতীয়াকৈ তেওঁৰ চিনেমা ‘ডাকু মহাৰাজ’ আৰু গান ‘ডাবিডি ডিবিডি’ মুক্তি পোৱাৰ পিছৰে পৰা বাতৰিৰ শিৰোনামত আছে। তেওঁৰ এই চিনেমা আৰু গানৰ সফলতাৰ লগতে সমালোচনা আৰু ট্ৰ’লিঙৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে উৰ্বশীয়ে এতিয়া ইতিহাস ৰচিছে। প্ৰতিবেদন অনুসৰি, উৰ্বশী প্ৰথম অভিনেত্ৰী হিচাপে ১২ কোটি টকাৰ ৰ’লছ ৰয়ছ কালিনান গাড়ী ক্ৰয় কৰিছে। ইয়াৰ উপৰি তেওঁ ইনষ্টাগ্ৰামৰ ফৰ্বছ ৰিচ লিষ্টতো স্থান লাভ কৰিছে।

‘ডাবিডি ডিবিডি’ গানৰ নৃত্যৰ বাবে উৰ্বশীয়ে প্ৰচণ্ড সমালোচনাৰো সন্মুখীন হৈছে। এই বিষয়ে দ্য হলিউড ৰিপ’ৰ্টাৰ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, “মহড়াৰ সময়ত সকলো মসৃণ আৰু নিয়ন্ত্ৰণত আছিল। কিন্তু সঁচাকৈয়ে, সকলো ইমান দ্ৰুততাৰে ঘটিল যে, মানুহে নৃত্যৰ বিষয়ে কিয় এনেদৰে কথা পাতিছে, সেয়া বুজি উঠাটো কঠিন হৈ পৰিছে। আমি কেতিয়াও ভবা নাছিলো যে ইয়াৰ প্ৰতি এনে প্ৰতিক্ৰিয়া প্ৰকাশ পাব, কাৰণ মহড়াৰ সময়ত সকলো পৰিকল্পনা অনুসৰি চলিছিল। আমি এনে প্ৰতিক্ৰিয়া আশা কৰা নাছিলো।” তেওঁ আৰু কয়, “মহড়াৰ ক্লিপবোৰ ভালকৈ গৈছিল। এয়া আন যিকোনো গানৰ নৃত্যৰ দৰেই আছিল। মই মাষ্টাৰ শ্বেখৰৰ সৈতে কাম কৰিছিলোঁ, যাৰ সৈতে মই ইয়াৰ আগত তিনিবাৰ কাম কৰিছোঁ। গতিকে মই আচৰিত হোৱা বা কিবা অস্বাভাৱিক কৰাৰ কথা নাছিল।”

ইয়াৰ পূৰ্বে উৰ্বশী ক্ৰিকেটাৰ ঋষভ পন্তৰ সৈতে সম্পৰ্কৰ গুজবৰ বাবেও বাতৰিত আছিল। ইফালে, অভিনেতা ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ ওপৰত প্ৰতিক্ৰিয়াৰ বাবেও তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁ কৈছিল, “এই ঘটনা অতি দুৰ্ভাগ্যজনক। এতিয়া ‘ডাকু মহাৰাজ’য়ে বক্স অফিচত ১০৫ কোটি টকা অতিক্ৰম কৰিছে। মোৰ মায়ে মোক হীৰাৰে সজ্জিত এটা ৰ’লেক্স ঘড়ী উপহাৰ দিছে আৰু মোৰ দেউতাই মোৰ আঙুলিৰ এটা মিনি ঘড়ী দিছে। কিন্তু বাহিৰত এইবোৰ পিন্ধি আত্মবিশ্বাসী অনুভৱ নকৰো।” এই মন্তব্যৰ বাবে তেওঁ নিজৰ চিনেমাৰ সফলতা আৰু নতুন ঘড়ীৰ গৌৰৱ কৰা বুলি ট্ৰ’লৰ সন্মুখীন হৈছিল। পিছত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...