মাটিৰ তলত থকা এখন গাঁও

0 8,254

মাটিৰ তলত থকা এখন আশ্বৰ্যকৰ গাঁও। বাস কৰে প্ৰায় চাৰি হাজাৰ মানুহে। কিন্তু ক’ত আছে এই গাঁওখন জানেনে? মানুহে মাটিৰ তলত বাস কৰাৰ কথা বৰ্তমান সময়ত এক ভাবিব নোৱাৰা ধৰণৰ কথা। আদিম যুগৰ মানুহে পাহাৰৰ গুহাত বাস কৰিছিল। কিন্তু মাটিৰ তলত বাস কৰাৰ কথাটো কিবা আচহুৱা যেন লাগে। কিন্তু আচহুৱা যেন লাগিলেও এই কথাই সচাঁ প্ৰমাণিত হৈছে চীনত। এই আশ্বৰ্যকৰ গাঁওখন চীনৰ হেনান প্ৰদেশৰ চানমেক্সিয়া চহৰৰ ওচৰত অৱস্থিত।

গাঁওখনৰ সকলোবিলাক ঘৰ মাটিৰ তলত। মাটি কাটি গুহাৰ দৰে ঘৰ নিৰ্মাণ কৰি বাস কৰিছে গাঁওখনৰ লোকসকলে। গাঁওখনৰ কেইবাটাও প্ৰজন্মৰ লোকে এনেদৰেই মাটিৰ তলত ঘৰ নিৰ্মাণ কৰি জীৱন-নিৰ্বাহ কৰি আহিছে। জানিব পৰা অনুসৰি, প্ৰায় ৪ হাজাৰ বছৰ পুৰণি এই গাঁওখন চীনৰ চতুৰ্দশ শতিকাত মিং ৰাজবংশৰ শাসন চলি থকা সময়ৰ পৰাই এইদৰেই বাস কৰি আহিছে চীনা লোক সকলে। প্ৰাকৃতিক দুৰ্যোগ, শত্ৰুৰ আক্ৰমণ আদিৰ পৰা ৰক্ষাৰ পাবৰ বাবেই মাটিৰ তলত ঘৰ সাজি বাস কৰিবলৈ লৈছিল বুলিও বহু লোকে ক’ব বিচাৰে।

বৰ্তমান সময়ত চীনৰ এই গাঁওখনত প্ৰায় ১০ হাজাৰ লোকে বাস কৰে। মাটিৰ তলত বাস কৰিলেও কিন্তু গাঁওখনত আধুনিকতাৰ প্ৰভাৱো নপৰা নহয়। গাঁওখনত পানী যোগানৰ পৰা আৰম্ভ কৰি বিদ্যুতৰ ব্যৱস্থা আদিৰ ব্যৱস্থাও আছে। বৰ্তমান চীনৰ এই বিশেষ গাঁওখনে পৰ্যটককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.