মাটিৰ তলত থকা এখন গাঁও

মাটিৰ তলত থকা এখন আশ্বৰ্যকৰ গাঁও। বাস কৰে প্ৰায় চাৰি হাজাৰ মানুহে। কিন্তু ক’ত আছে এই গাঁওখন জানেনে? মানুহে মাটিৰ তলত বাস কৰাৰ কথা বৰ্তমান সময়ত এক ভাবিব নোৱাৰা ধৰণৰ কথা। আদিম যুগৰ মানুহে পাহাৰৰ গুহাত বাস কৰিছিল। কিন্তু মাটিৰ তলত বাস কৰাৰ কথাটো কিবা আচহুৱা যেন লাগে। কিন্তু আচহুৱা যেন লাগিলেও এই কথাই সচাঁ প্ৰমাণিত হৈছে চীনত। এই আশ্বৰ্যকৰ গাঁওখন চীনৰ হেনান প্ৰদেশৰ চানমেক্সিয়া চহৰৰ ওচৰত অৱস্থিত।

গাঁওখনৰ সকলোবিলাক ঘৰ মাটিৰ তলত। মাটি কাটি গুহাৰ দৰে ঘৰ নিৰ্মাণ কৰি বাস কৰিছে গাঁওখনৰ লোকসকলে। গাঁওখনৰ কেইবাটাও প্ৰজন্মৰ লোকে এনেদৰেই মাটিৰ তলত ঘৰ নিৰ্মাণ কৰি জীৱন-নিৰ্বাহ কৰি আহিছে। জানিব পৰা অনুসৰি, প্ৰায় ৪ হাজাৰ বছৰ পুৰণি এই গাঁওখন চীনৰ চতুৰ্দশ শতিকাত মিং ৰাজবংশৰ শাসন চলি থকা সময়ৰ পৰাই এইদৰেই বাস কৰি আহিছে চীনা লোক সকলে। প্ৰাকৃতিক দুৰ্যোগ, শত্ৰুৰ আক্ৰমণ আদিৰ পৰা ৰক্ষাৰ পাবৰ বাবেই মাটিৰ তলত ঘৰ সাজি বাস কৰিবলৈ লৈছিল বুলিও বহু লোকে ক’ব বিচাৰে।

DCIM\102MEDIA\DJI_0133.JPG

বৰ্তমান সময়ত চীনৰ এই গাঁওখনত প্ৰায় ১০ হাজাৰ লোকে বাস কৰে। মাটিৰ তলত বাস কৰিলেও কিন্তু গাঁওখনত আধুনিকতাৰ প্ৰভাৱো নপৰা নহয়। গাঁওখনত পানী যোগানৰ পৰা আৰম্ভ কৰি বিদ্যুতৰ ব্যৱস্থা আদিৰ ব্যৱস্থাও আছে। বৰ্তমান চীনৰ এই বিশেষ গাঁওখনে পৰ্যটককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

370 COMMENTS

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...