শান্তি আলোচনাৰ বাবে সাজু ৰাছিয়া-ইউক্ৰেইন! কিন্তু লাগিছে আউল…

শান্তি আলোচনাৰ বাবে সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি। কিন্তু বেলাৰুছত এই শান্তি আলোচনা অনুষ্ঠিত কৰাৰ পক্ষত নাই ৰাষ্ট্ৰপতি জেলেনস্কি।

এক ভিডিঅ’ বাৰ্তাত জেলেনস্কিয়ে কয় যে, বেলাৰুছ নিজেই তেওঁৰ দেশত ৰাছিয়াৰ আক্ৰমণত জড়িত আছিল। ভলোডিমিৰ জেলেনস্কিয়ে বেলাৰুছৰ পৰিৱৰ্তে কেইখনমান ঠাইৰ নাম প্ৰস্তাৱ কৰিছে। য’ত ৰাছিয়াই ইচ্ছা কৰিলে শান্তি আলোচনা কৰিব পাৰে।

তেওঁ ইস্তানবুল, ৱাৰ্ছ, বাকু, ব্ৰাটিস্লাভা বা বুদাপেষ্টক বিকল্প স্থান হিচাপে বাছনি কৰিছে আৰু লগতে কয় যে, বেলাৰুছৰ বাহিৰে আন যিকোনো স্থানত এই শান্তি আলোচনা অনুষ্ঠিত হ’ব পাৰে।

আনহাতে, ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণে চতুৰ্থ দিনত প্ৰৱেশ কৰিছে আনকি ৰাছিয়াই ইতিমধ্যে ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত প্ৰৱেশ কৰিছে।

শুকুৰবাৰে, ইউক্ৰেনে ৰাছিয়াক শান্তি আলোচনা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...