চলিত ফেব্ৰুৱাৰী মাহতে ৰাজ্যত দুটাকৈ বৃহৎ অনুষ্ঠান

লোকসেৱা ভৱনত ‘এডভান্টেজ আছাম ২.০’ আৰু ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

অসমক বিনিয়োগ আৰু আন্তঃগাঁথনিৰ দিশেৰে আগবঢ়াই নিয়াৰ লগতে ঝুমইৰ নৃত্য সমগ্র বিশ্বজুৰি জনপ্ৰিয়কৰণৰ উদ্দেশ্যে অসম চৰকাৰে চলিত ফেব্ৰুৱাৰী মাহত ‘এডভান্টেজ আছাম ২.০’ আৰু ‘ঝুমইৰ বিনন্দিনী’ শীর্ষক দুটাকৈ বৃহৎ অনুষ্ঠান আয়োজনৰ পূৰ্ণ প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লোকসেৱা ভৱনত আজি অনুষ্ঠিত এখন বৈঠকত এই দুয়োটা অনুষ্ঠানৰে প্ৰস্তুতিৰ অগ্ৰগতিৰ বিতং বুজ লয়। স্মর্তব্য যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই দুয়োটা বৃহৎ অনুষ্ঠানতে উপস্থিত থাকিব।

আজিৰ এই বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই প্রথমতে ‘ঝুমইৰ বিনন্দিনী’ শীর্ষক অনুষ্ঠানৰ আয়োজনৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ মূল সমিতি, আতিথ্য সমিতি, চিকিৎসা সমিতি, কাৰিকৰী সমিতি আদিৰ বৰ্তমানলৈকে হোৱা প্ৰস্তুতিৰ লগতে যান-বাহন ব্যৱস্থাপনাৰ অৰ্থে আৰক্ষীয়ে লোৱা পৰিকল্পনা, শিল্পীসকলক ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ সুকলমে অনা-নিয়াৰ ব্যৱস্থা তথা থকা-মেলাৰ সুবিধা আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়। তেওঁ কয় যে এই অনুষ্ঠান যাতে বাগানসমূহত পোনপটীয়াকৈ প্ৰদৰ্শন কৰিব পৰা যায় তাৰ বাবে জিলা আয়ুক্তসকলে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে এই অনুষ্ঠানক কেন্দ্র কৰি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত কেইবাসহস্র শিল্পীৰ লগতে আমন্ত্রিত অতিথি আৰু দৰ্শনাৰ্থীৰ সমাগম হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ যান-বাহন ব্যৱস্থাপনা যাতে সুষম হয় সেয়া সুনিশ্চিত কৰিবলৈ আৰক্ষী প্ৰশাসনক নির্দেশ দিয়ে। তদুপৰি সমগ্র অনুষ্ঠানস্থলীত যাতে বিশুদ্ধ খোৱাপানীৰ যোগান, অনাময় ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা সুনিশ্চিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ প্রদান কৰে মুখ্যমন্ত্ৰীয়ে। তেনেদৰে শিল্পীসকলক প্ৰদান কৰা খাদ্যৰ গুণমান যাতে উন্নত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও তেওঁ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। উল্লেখ্য যে, ‘ঝুমইৰ বিনন্দিনী’ শীর্ষক অনুষ্ঠানটো অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

আনহাতে, আজিৰ এই বৈঠকতে মুখ্যমন্ত্রী ড° শর্মাই ‘এডভান্টেজ আছাম ২.০’ শীষর্ক দুদিনীয়া বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনৰ প্ৰস্তুতিৰো বুজ লয়। এই বৈঠকত তেওঁ অহা ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠান, এই সম্মিলনত বিভিন্ন সংস্থা আৰু প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণৰ বাবে বৰ্তমানলৈকে প্ৰদান কৰা নিশ্চিতি আদিৰ বুজ লৈ সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া ব্যক্তিসকলৰ আতিথ্য, থকা-লোৱা, পৰিবহন আদিকে ধৰি বিভিন্ন ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে। তদুপৰি তেওঁ সন্মিলনৰ সময়ছোৱাত অনুষ্ঠিত হ’বলগীয়া বৈঠকসমূহৰ যাৱতীয় প্ৰস্তুতিৰ খতিয়ান লয়। সন্মিলনত অসমৰ চাহ আৰু থলুৱা বস্ত্রশিল্পক যাতে উপযুক্তভাৱে প্রদর্শিত কৰা হয় সেই দিশতো তেওঁ গুৰুত্ব আৰোপ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...