মাস্কৰ নতুন দলৰ ওপৰত ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া

মাৰ্কিন ধনকুবেৰ ইলন মাস্কৰ নতুন ৰাজনৈতিক দলৰ বিষয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ বুজাইছে যে, দ্বিদলীয় ব্যৱস্থাত তৃতীয় দলৰ আগমনত কি পৰিণাম হ’ব পাৰে। মাস্কৰ দলক তেওঁ ‘হাস্যকৰ’ বুলি উল্লেখ কৰিছে আৰু এই নতুন দলক কোনো গুৰুত্ব দিবলৈ ইচ্ছুক নহয় বুলিও স্পষ্ট কৰিছে।

শনিবাৰে মাস্কে নতুন দল গঠনৰ কথা ঘোষণা কৰিছিল, নাম দিছে ‘আমেৰিকা পাৰ্টি’। আমেৰিকাৰ শাসনব্যৱস্থা দ্বিদলীয়, য’ত মূলতঃ দুটা দল—ৰিপাব্লিকান পাৰ্টি আৰু ডেম’ক্ৰেটিক পাৰ্টি—ৰ মাজত নিৰ্বাচনী প্ৰতিযোগিতা হয়। এই দুয়োৰে বাহিৰত থাকি মাস্কে তৃতীয় দল আনিছে আৰু আমেৰিকাৰ দ্বিদলীয় শাসনব্যৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ ইংগিত দিছে টেছলা আৰু স্পেচএক্সৰ মুৰব্বীয়ে। ৰবিবাৰে (আমেৰিকাৰ স্থানীয় সময়) নিউ জাৰ্চিৰ পৰা ৱাশ্বিংটনলৈ যাওঁতে ট্ৰাম্পক এই নতুন দলৰ বিষয়ে প্ৰশ্ন কৰা হয়। উত্তৰত তেওঁ কয়, “মোৰ মতে তৃতীয় দল গঠন কৰাটো হাস্যকৰ। ইয়াত শাসনব্যৱস্থা দ্বিদলীয়, সদায় তেনেকুৱাই আছিল। তৃতীয় দলে কেৱল বিভ্ৰান্তিৰ সৃষ্টি কৰে। ইয়াত কেতিয়াও কোনো তৃতীয় দল সফল হোৱা নাই। গতিকে, তেওঁ (মাস্ক) এইটো উপভোগ কৰক, কিন্তু মোৰ মতে এইটো হাস্যকৰ।”

মাস্কৰ নতুন দলৰ ঘোষণাৰ পিছত ট্ৰাম্পে সামাজিক মাধ্যমতো তেওঁক বিদ্ৰূপ কৰিছে। তেওঁ লিখিছে, “মাস্ক সম্পূৰ্ণৰূপে সীমাৰ বাহিৰলৈ গৈছে, এইটো দেখি মই দুখী। বিগত পাঁচ সপ্তাহত তেওঁ ৰে’লৰ ধ্বংসাৱশেষৰ দৰে হৈ পৰিছে। আমেৰিকাত তৃতীয় দল মানে সম্পূৰ্ণ বিশৃংখলাৰ সৃষ্টি। আমি ৰেডিকেল লেফ্ট ডেম’ক্ৰেটৰ পৰা সেইটোৱেই দেখিছো।”

ট্ৰাম্পৰ মন্তব্যৰ ফলত আমেৰিকাত মাস্কৰ সৈতে ৰিপাব্লিকানসকলৰ সংঘাত আৰু তীব্ৰ হৈছে। কেইমাহমানৰ আগতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মাস্কে ট্ৰাম্পৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল। তেওঁ ৰিপাব্লিকান পাৰ্টিৰ অন্যতম বৃহৎ সমৰ্থক আৰু আৰ্থিক সাহায্যকাৰী আছিল। ট্ৰাম্পৰ সৈতে তেওঁৰ সম্পৰ্ক ইমানেই ঘনিষ্ঠ আছিল যে, ক্ষমতালৈ অহাৰ পিছত ট্ৰাম্পে হোৱাইট হাউছত মাস্কৰ বাবে এটা পৃথক দপ্তৰ স্থাপন কৰি তেওঁক নিযুক্তি দিছিল। কিন্তু সেই সকলো এতিয়া অতীত। মাস্কে ট্ৰাম্পৰ প্ৰশাসনৰ পৰা পদত্যাগ কৰিছে। ট্ৰাম্পে মাৰ্কিন প্ৰশাসনত খৰচ আৰু কৰ কমোৱাৰ এখন বিধেয়ক আনিছিল, যিখন সম্প্ৰতি কংগ্ৰেছৰ উভয় কক্ষত গৃহীত হৈ আইনত পৰিণত হৈছে। ট্ৰাম্পৰ এই ‘ডাঙৰ আৰু সুন্দৰ’ বিধেয়কৰ ওপৰত বিতৰ্কৰ সূত্ৰপাত হৈছে। মাস্কৰ দাবী, এই আইনৰ ফলত আমেৰিকাৰ অৰ্থনীতি ধ্বংসৰ দিশে আগবাঢ়িব। ট্ৰাম্পে সেই দাবী নস্যাৎ কৰিছে। বৰং তেওঁৰ দাবী, মাস্কে ব্যক্তিগত সুবিধা-অসুবিধাৰ কথা ভাবি এই নতুন আইনৰ বিৰোধিতা কৰিছে।

মাস্কে তেওঁৰ নতুন দলক আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত নথিভুক্ত কৰিছে নে নাই, সেয়া এতিয়াও স্পষ্ট নহয়। কিন্তু তেওঁ জনাইছে যে, ২০২৬ চনৰ ‘মিড-টাৰ্ম ইলেকশ্যন’ত তেওঁৰ আমেৰিকা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আমেৰিকাৰ ইতিহাসত ইতিপূৰ্বেও একাধিক তৃতীয় দল গঠন হৈছিল, কিন্তু স্থায়ী হ’ব পৰা নাছিল। অৱশ্যে, মাস্কৰ দলটো কিমান সফল হ’ব, সেই দিশত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...