পকেট উদং কৰিবলৈ সাজু চৰকাৰ! ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে চাই লওক এই নিৰিখ

কেন্দ্ৰীয় চৰকাৰে ১ এপ্ৰিলৰ পৰা টোল গে’টসমূহত মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে টোল গে’টসমূহৰ মাচুল বৃদ্ধিৰ নতুন জাননী৷ ৰাজ্যৰ সকলো টোল গে’টতে অহা ১ এপ্ৰিলৰ পৰাই বৰ্ধিত মাচুল দিব লাগিব ৰাইজে৷ এই মাচুল এই বৰ্ষত প্ৰায় ১৫ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে৷

নাজিৰাখাটত এখন সৰু গাড়ীয়ে ১১৫ টকা আৰু দিনটোৰ ভিতৰত অহা-যোৱা কৰিলে ১৭৫ টকা দিব লাগে৷কিন্তু এক এপ্ৰিলৰ পৰা এখন সৰু গাড়ীয়ে ১৩০ টকা আৰু দিনটোৰ ভিতৰত অহা-যোৱা কৰিলে ১৯০ টকা দিব লাগিব৷আনহাতে এখন টু এক্সেল বাছ বা ট্ৰাকে এতিয়া এবাৰ গ’লে ৩৯৫ টকা দিব লাগে যদিও এক এপ্ৰিলৰ পৰা ৪৩০ টকাকৈ ভৰিব লাগিব৷

ৰহা টোল গে’টত এখন সৰু গাড়ীয়ে এবাৰত ১০০ টকা দিব লগা হয় আৰু দিনটোৰ ভিতৰতে অহা-যোৱা কৰিলে ১৫০ টকা দিব লগা হয় কিন্ত নতুন নিৰিখ অনুসৰি এখন সৰু গাড়ীয়ে এবাৰত ১১০ টকা দিব লাগিব আৰু দিনটোৰ ভিতৰত অহা-যোৱা কৰিলে ১৬৫ টকা দিব লাগিয়া হব৷ সেইদৰে এখন ট্ৰাক বা বাছে এবাৰত ৩৩৫ টকা দিব লগা হয় আৰু দিনটোৰ ভিতৰত অহা-যোৱা কৰিলে ৫০৫ টকা দিব লাগা হয় যদিও নতুন নিৰিখ অনুসৰি এতিয়া এবাৰত ৩৭০ টকা আৰু অহা-যোৱা কৰিলে ৫৫৫ টকা দিব লাগিব৷

মদনপুৰ টোল গে’টত এখন সৰু গাড়ীয়ে অহা এক এপ্ৰিলৰ পৰা ১১৫ টকাৰ পৰিৱৰ্তে ১২৫ টকা আৰু দিনটোৰ ভিতৰত অহা-যোৱা কৰিলে ১৭৫ টকাৰ ঠাইত ১৮৫ টকা দিব লাগিয়া হব৷ এখন সৰু গাড়ীয়ে নলবাৰীৰ পৰা নগাঁৱলৈ গ’লে টোল গে’টৰ নামতে এতিয়া ৩৬৫ টকা আৰু গুৱাহাটীৰ পৰা নগাঁৱলৈ গ’লে ২৪০ টকা দিব লাগিয়া হব।

বাছ বা ট্ৰাক এখনে গুৱাহাটীৰ পৰা নগাঁৱলৈ গ’লে পূৰ্বৰ ৭১০ টকাৰ পৰিৱৰ্তে এপ্ৰিলৰ পৰা দিব লাগিব ৮০০ টকা৷ ৰহা,নাজিৰাখাট আৰু মদনপুৰ টোল গে’টৰ দৰেই ডবকা, গালিয়া, মান্দাৰদিছা, মিকিৰআটিত থকা টোল গে’টৰো মাচুল বৃদ্ধি কৰা হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...