দ্ৰুতবেগী গাড়ীৰ খুন্দাত তিৱা ছাত্ৰ নেতা চাংকিন মাদাৰৰ অকাল বিয়োগ

জাগীৰোডত তিৱা ছাত্ৰ নেতাৰ অকাল বিয়োগ। সোমবাৰে নিশা আমলিঘাটত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এখন অচিনাকী বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় চাংকিন মাদাৰৰ। সদৌ তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড আঞ্চলিক সমিতিৰ সভাপতি আছিল নিহত মাদাৰ। সৰবৰহী তথা তিৱা ছাত্ৰনেতা জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

নিহত ছাত্ৰজনৰ দেহ মৰিগাঁৱত মৰণোত্তৰ পৰীক্ষাৰ পিছত মঙলবাৰে দুপৰীয়া জাগীৰোডলৈ অনা হয় আৰু এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। জাগীৰোডত তিৱা ছাত্ৰ নেতা জনৰ মৃতদেহ তিৱা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ অনা হয়। তিৱা ছাত্ৰ সন্থাৰ বহু বিষয়-ববীয়াৰ লগতে বিভিন্ন তিৱা জাতীয় সংগঠনে ছাত্ৰনেতাজনক শ্ৰদ্ধাঞ্জলি জনায় আৰু গভীৰ শোক প্ৰকাশ কৰে । লগতে শোকাৱহ দুৰ্ঘটনাটোৰ সমগ্ৰ বিষয়াটো তদন্তৰো দাবী কৰে তিৱা সংগঠনৰ নেতৃত্বই। আনহাতে মৃত ছাত্ৰগৰাকীৰ অন্তিম যাত্ৰাত উপস্থিত থাকি মন্ত্ৰী পীযূষ হাজৰিকাই পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...