দ্ৰুতবেগী গাড়ীৰ খুন্দাত তিৱা ছাত্ৰ নেতা চাংকিন মাদাৰৰ অকাল বিয়োগ

জাগীৰোডত তিৱা ছাত্ৰ নেতাৰ অকাল বিয়োগ। সোমবাৰে নিশা আমলিঘাটত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এখন অচিনাকী বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় চাংকিন মাদাৰৰ। সদৌ তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড আঞ্চলিক সমিতিৰ সভাপতি আছিল নিহত মাদাৰ। সৰবৰহী তথা তিৱা ছাত্ৰনেতা জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

নিহত ছাত্ৰজনৰ দেহ মৰিগাঁৱত মৰণোত্তৰ পৰীক্ষাৰ পিছত মঙলবাৰে দুপৰীয়া জাগীৰোডলৈ অনা হয় আৰু এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। জাগীৰোডত তিৱা ছাত্ৰ নেতা জনৰ মৃতদেহ তিৱা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ অনা হয়। তিৱা ছাত্ৰ সন্থাৰ বহু বিষয়-ববীয়াৰ লগতে বিভিন্ন তিৱা জাতীয় সংগঠনে ছাত্ৰনেতাজনক শ্ৰদ্ধাঞ্জলি জনায় আৰু গভীৰ শোক প্ৰকাশ কৰে । লগতে শোকাৱহ দুৰ্ঘটনাটোৰ সমগ্ৰ বিষয়াটো তদন্তৰো দাবী কৰে তিৱা সংগঠনৰ নেতৃত্বই। আনহাতে মৃত ছাত্ৰগৰাকীৰ অন্তিম যাত্ৰাত উপস্থিত থাকি মন্ত্ৰী পীযূষ হাজৰিকাই পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...