১ মাৰ্চৰ পৰা উপলব্ধ হ’ব গুৱাহাটীৰ RR vs CSKৰ IPL মেচৰ টিকট

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ টিকট কাইলৈ [শনিবাৰ, ১ মাৰ্চ, ২০২৫ চন] আনুষ্ঠানিকভাৱে অনুৰাগীৰ বাবে অনলাইনত মুকলি কৰা হ’ব৷ ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকটিং পাৰ্টনাৰ বুক মাই শ্ব’ত অনুৰাগীয়ে মেচখনৰ টিকট ক্ৰয় কৰিব পাৰিব৷

উল্লেখ্য যে, অহা ২৬ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এল প্ৰথম মেচখনৰ টিকট ইতিমধ্যে বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ উভয় মেচৰে অনলাইন টিকট কেৱল বুকমাইশ্ব’ আৰু ৰাজস্থান ৰয়েলছৰ ৱেবছাইটত উপলব্ধ হ’ব৷ অনুৰাগীসকলে ১৬০০ টকাৰ পৰা আৰম্ভ কৰি নিজৰ পচন্দ অনুসৰি ৱেবছাইটত টিকট ক্ৰয় কৰিব পাৰিব৷

১ মাৰ্চৰ পুৱা ১০ বজাত ছুপাৰ ৰয়েলছ এলিট সদস্যসকলে প্ৰথমে পৃথক উইণ্ডোত RR বনাম CSK মেচখনৰ দুটাকৈ টিকট ACA ক্ৰিকেট ষ্টেডিয়ামৰ যিকোনো ষ্টেণ্ডৰে ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব৷ ৩০ মিনিট পাছত অৰ্থাৎ ১০.৩০ বজাত ছুপাৰ ৰয়েলছ অনুৰাগীৰ বাবে টিকট ক্ৰয়ৰ সুযোগ আহিব৷

ইফালে, দুপৰীয়া ১২ বজাৰ লগে লগে সেইসকল ব্যক্তিয়ে টিকট ক্ৰয়ৰ সুযোগ পাব যিসকলে ইতিমধ্যে চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচখনৰ টিকট আগতীয়াকৈ পঞ্জীয়ন কৰি থৈছে৷ আনহাতে, আবেলি ৪ বজাৰ পৰা সকলোৰে বাবে ৩০ মাৰ্চৰ মেচখনৰ টিকট অনলাইনত মুকলি কৰি দিয়া হ’ব৷

ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব৷ IPLৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে ACA ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দুয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অৱশ্যে RR দলে ইয়াৰ পূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...