তিনিটাকৈ শক্তিশালী বিস্ফোৰণে কঁপালে কাবুল, থিতাতে নিহত ছজন

তিনিটাকৈ শক্তিশালী বিস্ফোৰণে মঙলবাৰে কঁপাই তোলে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলক। কাবুলৰ পশ্চিম অঞ্চলৰ ডষ্ট-ই-বাৰ্ছি অঞ্চলত অৱস্থিত আব্দুল ৰহিম শ্বহীদ হাইস্কুলত একেলেথাৰিয়ে সংঘটিত হয় তিনিটাকৈ বিস্ফোৰণ। এই ঘটনাত কমেও ৬জন লোক নিহত হোৱাৰ লগতে আহত হয় আন ১৫জনকৈ লোক। আফগান নিৰাপত্তাৰক্ষী আৰু স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে বিদ্যালয় চলি থকা সময়তে সংঘটিত হয় এই বিস্ফোৰণ। বৰ্তমানলৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আত্মঘাতী বোমাৰুৱে এই ঘটনা সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ওচৰেৰে আন এখন বিদ্যালয়তো একে সময়তে সংঘটিত হয় এই প্ৰচণ্ড বিস্ফোৰণ। এজন আত্মঘাতী বোমাৰুৱে বিদ্যালয় চলি থকা সময়তে চৌহদত উপস্থিত হৈ বিস্ফোৰণ ঘটায়। ঘটনাৰ সময়ত বিদ্যালয়ত কমেও এহেজাৰ ছাত্ৰ–ছাত্ৰী উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...