আন্ধাৰত ডুব গৈছে এই অঞ্চল; ২ মাহ পৰ্যন্ত নাপাব সূৰ্যৰ পোহৰ

পৃথিৱীৰ এনে এখন ঠাই আছে যি বৰ্তমান আন্ধাৰত ডুব গৈছে। ৬৪ দিন পোহৰ নপৰিব সেই ঠাইত। আমেৰিকাৰ এইখন চহৰ কেইবামাহৰ বাবে অন্ধকাৰত ডুব গৈছে। আলাস্কাৰ উটকিয়াগভিকৰ বাসিন্দাসকলে অহা ৬৪ দিনলৈ সূৰ্যৰ পোহৰ দেখা নাপাব।

পৃথিৱীৰ অক্ষ হেলনীয়া হোৱাৰ ফলত সৃষ্টি হোৱা মেৰু ৰাতিৰ বাবে ২০২৬ চনৰ ২২ জানুৱাৰীলৈকে চহৰখনে প্ৰত্যক্ষ সূৰ্যৰ পোহৰ নাপাব। আৰু ২০২৬চনৰ ২২ জানুৱাৰীলৈকে চহৰখন আন্ধাৰত থাকিব।

ফেয়াৰবেংকছৰ পৰা প্ৰায় ৫০০ মাইল উত্তৰ-পশ্চিমে অৱস্থিত উটকিয়াগভিকত প্ৰায় ৪৪০০ লোকে বাস কৰে। পূৰ্বতে বেৰ’ নামেৰে জনাজাত উটকিয়াগভিক আলাস্কাৰ উত্তৰ ঢালত আৰ্কটিক মহাসাগৰৰ ওচৰত অৱস্থিত। যদিও চহৰখন দীৰ্ঘদিন ধৰি আন্ধাৰত থাকিব, তথাপিও সম্পূৰ্ণ অন্ধকাৰ নহয়।

বাসিন্দাসকলে প্ৰতিদিনে কেইঘণ্টামান গধূলিৰ অভিজ্ঞতা লাভ কৰিব— সাধাৰণতে সূৰ্য উদয়ৰ আগতে দেখা পোৱা ক্ষীণ নীলা পোহৰ দেখা পাব। এই সময়ছোৱাত চহৰখনৰ উষ্ণতা দ্ৰুতগতিত হ্ৰাস পাব।

প্ৰতি বছৰে প্ৰায় দুমাহ ধৰি সূৰ্য দিগন্তৰ তলত থাকিলে এই পৰিঘটনা ঘটে। ইয়াৰ কাৰণ হ’ল পৃথিৱীৰ অক্ষ ২৩.৫ ডিগ্ৰী হেলনীয়া। ফলস্বৰূপে ২৩.৫ ডিগ্ৰী উত্তৰ মেৰুৰ ভিতৰৰ অঞ্চলসমূহে পৃথিৱীৰ অৱস্থানৰ বাবে শীতকালত সূৰ্যৰ পোহৰ লাভ কৰিব নোৱাৰে বুলি দ্য ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰিছে।

উটকিয়াগভিক উত্তৰ অক্ষাংশ ৭১.১৭ ডিগ্ৰীত অৱস্থিত, অৰ্থাৎ ই সম্পূৰ্ণৰূপে আৰ্কটিক বৃত্তৰ ভিতৰত পৰে। এবাৰ সূৰ্য অস্ত গ’লে মাহৰ পিছত মাহ ধৰি পুনৰ উদয় নহয়, যাৰ ফলত ঠাণ্ডা জলবায়ুৰ সৃষ্টি হয়। ইয়াত দিনৰ প্ৰায় এক চতুৰ্থাংশ তাপমাত্ৰা শূন্য ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ বৃদ্ধি নহয়।

শীতকালত উটকিয়াগভিকে ৬০ দিনতকৈ অধিক সময় আন্ধাৰ অনুভৱ কৰাৰ বিপৰীতে গ্ৰীষ্মকালত চহৰখনে প্ৰায় তিনিমাহ ধৰি অবিৰত ৰ’দ উপভোগ কৰে। এই কঠোৰ বতৰৰ লগত খাপ খাই পৰিছে ঠাইখনৰ বাসিন্দাসকল, সূৰ্যৰ পোহৰৰ অভাৱৰ পিছতো জীৱনযাত্ৰা স্বাভাৱিকভাৱে অব্যাহত থাকে। চহৰখনত পৰৱৰ্তী সূৰ্য উদয় ২০২৬ চনৰ ২৬ জানুৱাৰীত হ’ব, য’ত মেৰু ৰাতিৰ অন্ত পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...