বনৰজাৰ সংখ্যা বৃদ্ধিত আশাৰ সঞ্চাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত

বনৰজাৰ সংখ্যা বৃদ্ধিত আশাৰ সঞ্চাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত
শেহতীয়া পিয়লমতে কাজিৰঙাত বাঘৰ সংখ্যা ১৩৫টা
বাঘৰ সংখ্যাৰে দেশৰ ৫৩খন ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত কাজিৰঙাৰ স্থান পঞ্চম
ৰাজ্য হিচাপে ১৯০টা বাঘেৰে অসম আছে দেশৰ ভিতৰত ষষ্ঠ স্থানত
শেহতীয়া বাঘ গণনাৰ মতে দেশত বনৰজাৰ সংখ্যা ৩,১৬৭টালৈ বৃদ্ধি
২০০৬ চনত ভাৰতত বাঘৰ সংখ্যা আছিল ১,৪০০টা

বিশ্বত উদ্বেগজনক হাৰত হ্ৰাস পোৱা বন্যপ্ৰাণীৰ ভিতৰত অন্যতম আছিল ঢেঁকীয়াপতীয়া বাঘ। কিন্তু সেই বাঘ সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে ১৯৭৩ চনত গ্ৰহণ কৰিছিল ব্যাঘ্ৰ প্ৰকল্প আঁচনি। এই আঁচনিৰ অধীনত দেশৰ ৯খন বনাঞ্চলক বাঘ সংৰক্ষিত এলেকা হিচাপে ব্যাঘ্ৰ প্ৰকল্প বুলি ঘোষণা কৰা হয়। সেই সময়ত ভাৰতত বাঘৰ সংখ্যা আছিল ২৬৮টা। ব্যাঘ্ৰ প্ৰকল্পৰে বাঘ সংৰক্ষণত ভাৰতে গুৰুত্ব দিয়াৰ ফলত বিগত ৫০ বছৰত ভাৰতত বাঘৰ সংখ্যা ২৬৮টাৰ পৰা বৃদ্ধি পাই ২০২৩ বৰ্ষত ৩,১৬৭টা হয়গৈ। দেশৰ যিকেইখন বনাঞ্চলত বাঘৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে, তাৰ ভিতৰত অন্যতম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

শেহতীয়া তথ্যমতে কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলতো বৃদ্ধি বাঘৰ সংখ্যা
বুঢ়াপাহাৰ বনাঞ্চলৰ বাগছেৰ, চিৰাং পাহাৰ, কামাখ্যা পাহাৰত বাঘৰ বিচৰণ বৃদ্ধি
৩০ৰ পৰা ৫০টাৰ ভিতৰত বাঘ থকাৰ অনুমান বুঢ়াপাহাৰ বনাঞ্চলত

বুঢ়াপাহাৰত বাঘৰ সংখ্যা বৃদ্ধিৰ ফলত কলিয়াবৰ এলেকাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বাঘ ওলোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে। কাজিৰঙাৰ দাঁতিকাষৰীয়া চাহ বাগিচাত বহু গৰু নিধন কৰিছে বাঘে। পাঁচ দিন পূৰ্বেও কলিয়াবৰ চাহ বাগিচাত বাঘে এটা গৰুক খাদ্যৰূপে লক্ষ্য কৰিছিল যদিও কথমপি ৰক্ষা পৰে।

বাঘ চাবলৈ বুঢ়াচাপৰিত পৰ্যটকৰ ভিৰ বৃদ্ধি
বহু দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে বুঢ়াপাহাৰত

এই পৰিপ্ৰেক্ষিতত বন্যজন্তুৰ সৈতে সহাৱস্থান কৰি পাৰিপাৰ্শ্বিকতা বজাই ৰখাত গুৰুত্ব আৰোপ কৰিছে বুঢ়াপাহাৰৰ বনাঞ্চলিক বিষয়া ইকবাল হুছেইনে।

ঘনত্বৰ লেখেৰে কাজিৰঙাত বাঘৰ সংখ্যা ভাৰতৰ ভিতৰতে সৰ্বাধিক
কাজিৰঙাত বাঘৰ ঘনত্ব প্ৰতি ৫ বৰ্গ কিঃমিঃ এলেকাত এটাকৈ বাঘ

গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙাই এতিয়া ঢেঁকীয়াপতীয়া বাঘৰ বাবেও বিশ্বৰ বন্যপ্ৰাণী মানচিত্ৰত অধিক সুদৃঢ়ভাৱে স্থান লাভ কৰাৰ সম্ভাৱনা উজ্বল হৈ উঠিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শিৱসাগৰত ভয়ংকৰ ঘটনা

শিৱসাগৰত ভয়ংকৰ ঘটনা। দুগৰাকী মহিলাক চুৰিৰে আক্ৰমণ কৰিলে এজনে।...

৬৪ বলত অপৰাজিত ১৪৪ ৰান, অনুশীলন মেচত ৰিয়ানৰ বিস্ফোৰক ইনিংছ

আঘাতৰ বাবে দীৰ্ঘ সময় ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা...

২০২৯ৰ পৰা মংগল গ্ৰহলৈ মানৱ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা ইলন মাস্কৰ

ইলন মাস্কে স্পেচএক্সৰ মংগল অভিযানৰ বাবে এক উচ্চাভিলাষী সময়সূচী...

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰেক্টৰ খুন্দাত...