দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে বিমানখন ৬২৫ ফুট উচ্চতাত আছিল! টেক অফ কৰাৰ লগে লগে ATCলৈ ‘মে ডে কল’ প্ৰেৰণ কৰা হয়… তাৰ পিছতে দুৰ্ঘটনা

আহমেদাবাদত বিমান ভাঙি পৰাৰ আগতে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (ATC)লৈ বিপদ সংকেত (মে ডে কল) পঠিওৱা হৈছিল। ফ্লাইটৰাডাৰ২৪ৰ তথ্য অনুসৰি, পাইলটৰ পৰা বিপদ সংকেত পোৱাৰ পিছত ATCয়ে যোগাযোগৰ চেষ্টা কৰে। কিন্তু তাৰ পিছত আৰু যোগাযোগ সম্ভৱ নহ’ল।  কিছু সময়ৰ পিছতেই বিমানখন ভাঙি পৰাৰ খবৰ পোৱা যায়।

বৃহস্পতিবাৰে দুপৰীয়া ১ বাজি ৩৯ মিনিটত চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা এআই-১৭১ বিমানখন উৰা মাৰে। বিমানখন ৰানৱে ২৩ৰ পৰা উৰাৰ এক মিনিটৰো কম সময়ৰ ভিতৰত ATCৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ যায়। ফ্লাইটৰাডাৰ২৪ৰ তথ্য অনুসৰি, ভাঙি পৰাৰ আগতে বিমানখন মাটিৰ পৰা ৬২৫ ফুট উচ্চতাত আছিল। তাৰ পিছত দ্ৰুতগতিত তললৈ নামিবলৈ আৰম্ভ কৰে। তাৰ পিছতেই মেঘানিনগৰৰ ওচৰৰ বসতি এলেকাত বিমানখন ভাঙি পৰে।

দেশৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক সংস্থা (DGCA)ই জনাইছে যে, ১ বাজি ৩৯ মিনিটত বিমানখন ৰানৱে’ৰ পৰা উৰাৰ পিছতেই পাইলটে ATCলৈ ‘মে ডে কল’ কৰে। কিন্তু বিমানৰ সৈতে যোগাযোগৰ চেষ্টা কৰিও আৰু কোনো সঁহাৰি নাপায়। ফ্লাইটৰাডাৰ২৪ৰ তথ্য অনুসৰি, ভাঙি পৰা বিমানখনৰ নম্বৰ আছিল ভিটি-এএনবি। বিমানখন সেইদিনা দিল্লীৰ পৰা আহমেদাবাদলৈ আহিছিল। তাৰ পিছত লণ্ডনৰ উদ্দেশ্যে ৰাওনা হৈছিল। কিন্তু তাৰ আগতেই দুৰ্ঘটনাৰ কবলত পৰে। বিমানখনত মুঠ ২৪২ জন আছিল, তাৰে ২৩২ জন যাত্ৰী আৰু ১০ জন ক্ৰু সদস্য।

‘মে ডে কল’ কি?

বিমান সেৱাৰ পৰিভাষাত ইয়াক ‘বিপদ সংকেত’ বুলি কোৱা হয়। জৰুৰী পৰিস্থিতিত পাইলটে কোনো বিপদৰ উমান পালে এই শব্দটো ব্যৱহাৰ কৰে। ফৰাচী শব্দ ‘মেইডাৰ’ৰ পৰা ‘মে ডে’ শব্দটোৰ উৎপত্তি, যাৰ অৰ্থ ‘মোক সহায় কৰক’। সাধাৰণতে ATC আৰু তাৰ অধীনৰ আকাশপথত থকা বিমানৰ মাজত ৰেডিঅ’ যোগাযোগক ‘মে ডে কল’ বুলি কোৱা হয়। এই শব্দৰ জৰিয়তে দ্ৰুত সহায়ৰ বাৰ্তা পঠিওৱা হয়।

কোন কোন ক্ষেত্ৰত ‘মে ডে কল’ পঠোৱা হয়?

বিমানৰ ইঞ্জিনত সমস্যা হ’লে, দুৰ্যোগপূৰ্ণ বতৰ, যান্ত্ৰিক বিজুতি হ’লে, বা উৰণৰ সময়ত বিমানৰ কোনো ব্যক্তি অসুস্থ হৈ জৰুৰী পৰিস্থিতিৰ সৃষ্টি হ’লে ‘মে ডে কল’ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...