ইণ্টাৰনেট, ফোনৰ নেটৱৰ্ক অবিহনে চলিব এই মেছেজিং এপ

মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰ (বৰ্তমান এক্স)ৰ সহ-প্ৰতিষ্ঠাতা জ্যাক ডৰ্চিৰ নতুন মেছেজিং এপৰ নাম ‘বিটচ্যাট’। এই এপটো মূলত এটা ‘ডিচেন্ট্ৰেলাইজড’ মেছেজিং এপ। সহজ ভাষাত ক’বলৈ গ’লে, এই এপত কোনেও চোৰাংচোৱাগিৰি চলাব নোৱাৰে। সাধাৰণতে হোৱাটছএপ বা মেছেঞ্জাৰৰ দৰে এপত চোৰাংচোৱাগিৰি কৰাটো কঠিন হ’লেও প্ৰশাসনে বিচাৰিলে অসম্ভৱ নহয়। কিন্তু বিটচ্যাট এনে এটা প্ৰযুক্তিৰে তৈয়াৰ কৰা হৈছে, য’ত চোৰাংচোৱাগিৰি কৰাটো সম্পূৰ্ণৰূপে অসম্ভৱ। তদুপৰি, এই এপ ফোন নম্বৰ বা ইমেইল আইডি অবিহনে চলিব। ইয়াৰ আটাইতকৈ ডাঙৰ গুণ হ’ল, ইন্টাৰনেট অবিহনে চলিব পাৰে। ব্লুটুথ নিৰ্ভৰ এই মেছেজিং এপে ‘অফ-গ্ৰিড কমিউনিকেশ্যন’ ব্যৱহাৰ কৰে।

বিটচ্যাটৰ প্ৰতিষ্ঠাতাই জনাইছে যে তেওঁ এই এপ তৈয়াৰৰ সময়ত ব্লুটুথ মেছ নেটৱৰ্ক, ৰিলে এণ্ড ষ্ট’ৰ এণ্ড ফৰৱাৰ্ড মডেলৰ ওপৰত কাম কৰা হৈছিল। তেওঁৰ দাবী, দুটা ডিভাইচৰ ব্লুটুথ ব্যৱহাৰ কৰি এই এপৰ জৰিয়তে মেছেজ আদান-প্ৰদান কৰিব পাৰি। ইয়াৰ বাবে চেলুলাৰ ডাটা বা ৱাই-ফাইৰ প্ৰয়োজন নাই। মেছেজ পঠোৱা আৰু গ্ৰহণ কৰা ব্যক্তিৰ বাহিৰে কোনো চেণ্ট্ৰেল চাৰ্ভাৰত মেছেজ সংৰক্ষিত নাথাকিব। কিছু সময়ৰ পিছত মেছেজ নিজে নিজে নাইকীয়া হৈ যায়, ডিলিট কৰাৰ প্ৰয়োজন নাই। তৃতীয় কোনো পক্ষ, আনকি এপ নিৰ্মাতা কোম্পানীৰ হাততো মেছেজৰ প্ৰমাণ নাথাকিব।

এক্সৰ জৰিয়তে বিটচ্যাটৰ প্ৰতিষ্ঠাতাই আৰু জনাইছে যে, প্ৰয়োজন হ’লে হেচটেগ ব্যৱহাৰ কৰি এই এপত গ্ৰুপ চ্যাট বা ‘চ্যাটৰুম’ তৈয়াৰ কৰিব পাৰি, যিবোৰ পাছৱৰ্ডৰ সহায়ত সুৰক্ষিত কৰিব পাৰি। ডৰ্চিয়ে বিচাৰে যে, এই মেছেজিং এপত মেছেজ সমূহ সম্পূৰ্ণৰূপে ‘অফ-গ্ৰিড’ হৈ থাকিব, অৰ্থাৎ কোনো ‘ট্ৰেচ’ বিচাৰি পোৱা নাযাব। মেছেজ কোনে পঠিয়াইছে আৰু কালৈ পঠিয়াইছে, তাৰ কোনো স্পষ্ট তথ্য আৰক্ষী বা প্ৰশাসনে পাব নোৱাৰে। ২০১৯ত হংকঙৰ প্ৰতিবাদী বিক্ষোভৰ সময়ত এনে ধৰণৰ ব্লুটুথ নিৰ্ভৰ এপ স্থানীয়ভাৱে ব্যৱহাৰ হৈছিল। চৰকাৰ-বিৰোধী আন্দোলনৰ সময়ত প্ৰশাসনে প্ৰায়ে ইন্টাৰনেট বন্ধ কৰি দিয়ে। বিটচ্যাট এনেদৰে তৈয়াৰ কৰা হৈছে যাতে কোনো ধৰণৰ চেন্সৰশ্বিপে ইয়াৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে। ইন্টাৰনেটৰ প্ৰয়োজন নোহোৱাকৈ হেণ্ডচেটৰ ব্লুটুথৰ জৰিয়তে ই মসৃণভাৱে চলিব। মেছেজ পঠোৱা আৰু গ্ৰহণ কৰা দুয়োজনেহে সম্পূৰ্ণ কথোপকথন জানিব। বৰ্তমান এই এপৰ বেটা সংস্কৰণ মুকলি কৰা হৈছে। ভৱিষ্যতে ৱাই-ফাই ডাইৰেক্ট ফিচাৰো যোগ হ’ব বুলি জানিব পৰা গৈছে, যাৰ ফলত আৰু দ্ৰুত-ডাঙৰ মেছেজ পঠিয়াব পৰা যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...