ইণ্টাৰনেট, ফোনৰ নেটৱৰ্ক অবিহনে চলিব এই মেছেজিং এপ

মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰ (বৰ্তমান এক্স)ৰ সহ-প্ৰতিষ্ঠাতা জ্যাক ডৰ্চিৰ নতুন মেছেজিং এপৰ নাম ‘বিটচ্যাট’। এই এপটো মূলত এটা ‘ডিচেন্ট্ৰেলাইজড’ মেছেজিং এপ। সহজ ভাষাত ক’বলৈ গ’লে, এই এপত কোনেও চোৰাংচোৱাগিৰি চলাব নোৱাৰে। সাধাৰণতে হোৱাটছএপ বা মেছেঞ্জাৰৰ দৰে এপত চোৰাংচোৱাগিৰি কৰাটো কঠিন হ’লেও প্ৰশাসনে বিচাৰিলে অসম্ভৱ নহয়। কিন্তু বিটচ্যাট এনে এটা প্ৰযুক্তিৰে তৈয়াৰ কৰা হৈছে, য’ত চোৰাংচোৱাগিৰি কৰাটো সম্পূৰ্ণৰূপে অসম্ভৱ। তদুপৰি, এই এপ ফোন নম্বৰ বা ইমেইল আইডি অবিহনে চলিব। ইয়াৰ আটাইতকৈ ডাঙৰ গুণ হ’ল, ইন্টাৰনেট অবিহনে চলিব পাৰে। ব্লুটুথ নিৰ্ভৰ এই মেছেজিং এপে ‘অফ-গ্ৰিড কমিউনিকেশ্যন’ ব্যৱহাৰ কৰে।

বিটচ্যাটৰ প্ৰতিষ্ঠাতাই জনাইছে যে তেওঁ এই এপ তৈয়াৰৰ সময়ত ব্লুটুথ মেছ নেটৱৰ্ক, ৰিলে এণ্ড ষ্ট’ৰ এণ্ড ফৰৱাৰ্ড মডেলৰ ওপৰত কাম কৰা হৈছিল। তেওঁৰ দাবী, দুটা ডিভাইচৰ ব্লুটুথ ব্যৱহাৰ কৰি এই এপৰ জৰিয়তে মেছেজ আদান-প্ৰদান কৰিব পাৰি। ইয়াৰ বাবে চেলুলাৰ ডাটা বা ৱাই-ফাইৰ প্ৰয়োজন নাই। মেছেজ পঠোৱা আৰু গ্ৰহণ কৰা ব্যক্তিৰ বাহিৰে কোনো চেণ্ট্ৰেল চাৰ্ভাৰত মেছেজ সংৰক্ষিত নাথাকিব। কিছু সময়ৰ পিছত মেছেজ নিজে নিজে নাইকীয়া হৈ যায়, ডিলিট কৰাৰ প্ৰয়োজন নাই। তৃতীয় কোনো পক্ষ, আনকি এপ নিৰ্মাতা কোম্পানীৰ হাততো মেছেজৰ প্ৰমাণ নাথাকিব।

এক্সৰ জৰিয়তে বিটচ্যাটৰ প্ৰতিষ্ঠাতাই আৰু জনাইছে যে, প্ৰয়োজন হ’লে হেচটেগ ব্যৱহাৰ কৰি এই এপত গ্ৰুপ চ্যাট বা ‘চ্যাটৰুম’ তৈয়াৰ কৰিব পাৰি, যিবোৰ পাছৱৰ্ডৰ সহায়ত সুৰক্ষিত কৰিব পাৰি। ডৰ্চিয়ে বিচাৰে যে, এই মেছেজিং এপত মেছেজ সমূহ সম্পূৰ্ণৰূপে ‘অফ-গ্ৰিড’ হৈ থাকিব, অৰ্থাৎ কোনো ‘ট্ৰেচ’ বিচাৰি পোৱা নাযাব। মেছেজ কোনে পঠিয়াইছে আৰু কালৈ পঠিয়াইছে, তাৰ কোনো স্পষ্ট তথ্য আৰক্ষী বা প্ৰশাসনে পাব নোৱাৰে। ২০১৯ত হংকঙৰ প্ৰতিবাদী বিক্ষোভৰ সময়ত এনে ধৰণৰ ব্লুটুথ নিৰ্ভৰ এপ স্থানীয়ভাৱে ব্যৱহাৰ হৈছিল। চৰকাৰ-বিৰোধী আন্দোলনৰ সময়ত প্ৰশাসনে প্ৰায়ে ইন্টাৰনেট বন্ধ কৰি দিয়ে। বিটচ্যাট এনেদৰে তৈয়াৰ কৰা হৈছে যাতে কোনো ধৰণৰ চেন্সৰশ্বিপে ইয়াৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে। ইন্টাৰনেটৰ প্ৰয়োজন নোহোৱাকৈ হেণ্ডচেটৰ ব্লুটুথৰ জৰিয়তে ই মসৃণভাৱে চলিব। মেছেজ পঠোৱা আৰু গ্ৰহণ কৰা দুয়োজনেহে সম্পূৰ্ণ কথোপকথন জানিব। বৰ্তমান এই এপৰ বেটা সংস্কৰণ মুকলি কৰা হৈছে। ভৱিষ্যতে ৱাই-ফাই ডাইৰেক্ট ফিচাৰো যোগ হ’ব বুলি জানিব পৰা গৈছে, যাৰ ফলত আৰু দ্ৰুত-ডাঙৰ মেছেজ পঠিয়াব পৰা যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...