গুৱাহাটীত খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ আৰম্ভ

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অসম হকীয়ে আয়োজন কৰা প্ৰাইজমানি প্ৰতিযোগিতাখনত ছোৱালীৰ জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হৈছে৷

অসম হকীৰ সম্পাদক তথা হকী ইণ্ডিয়াৰ কাৰ্যকৰী ব’ৰ্ডৰ জ্যেষ্ঠ প্ৰতিনিধি তপন দাসে জনোৱা অনুসৰি প্ৰতিযোগিতাত জুনিয়ৰ শাখাত আঠটা তথা ছাব-জুনিয়ৰ শাখাতো সমসংখ্যক দলে অংশগ্ৰহণ কৰিছে৷ অংশগ্ৰহণ কৰা জিলাসমুহ হ’ল ঃ নাহৰকটীয়া, ধেমাজি, বঙাইগাওঁ, মাকুম, নগাঁও, শিলচৰ, ভেড়গাঁও আৰু তেজপুৰ৷

অংশগ্ৰহণকাৰী দলক দুটা গ্ৰুপত ভাগ কৰি প্ৰথমে লীগৰ মেচ অনুষ্ঠিত হ’ব৷ গ্ৰুপৰ শীৰ্ষ দল দুটাই ছেমিফাইনেল খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিব৷ জুনিয়ৰৰ ফাইনেল অহা ২৩ মাৰ্চত হোৱাৰ বিপৰীতে ছাব-জুনিয়ৰৰ চুড়ান্ত খেলখন অন্তিমদিনা অৰ্থাৎ অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব৷

আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে ছাই গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ডি কে মইট্ৰাল আৰু অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং৷ উল্লেখ্য যে কেন্দ্ৰীয় ক্ৰীড়া বিভাগে দেশৰ মহিলা ক্ৰীড়াবিদৰ উত্তৰণৰ বাবে সকলো খেলৰে অস্মিতা প্ৰতিযোগিতা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত আয়োজন কৰিছে৷ অসমত প্ৰথমবাৰৰ বাবে হকীৰ এই ৰাজ্যিক লীগ আয়োজন কৰা হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...