১১ ডিচেম্বৰৰ ভিতৰত কৰক প্ৰাদেশিকীকৰণ, নহ’লে হ’ব ধাৰাবাহিক আন্দোলন!

আগন্তুক ১১ ডিচেম্বৰৰ ভিতৰত বিটিআৰৰ অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশিকীকৰণৰ বাবে চৰকাৰে কোনো আলোচনাৰ ব্যৱস্থা নকৰিলে ১২ ডিচেম্বৰৰ পৰাই ধাৰাাবাহিক আন্দোলনৰ হুংকাৰ। সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক আৰু উচ্চপ্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্থাই ১১ ডিচেম্বৰৰ ভিতৰত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।

বিগত সময়ত হোৱা আন্দোলনৰ পিছতে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক লৰেঞ্চ ইচলাৰীয়ে এই সন্দৰ্ভত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সৈতে চলিত ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতে চৰকাৰৰ সৈতে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজি ৮ ডিচেম্বৰলৈ আলোচনা নোহোৱাত জাঙুৰ খাই উঠিছে সন্থা। যাৰ বাবে ১১ ডিচেম্বৰৰ ভিতৰত কোনো আলোচনা নহ’লে আকৌ ১২ ডিচেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...