শপতগ্ৰহণৰ পূৰ্বে মোদীৰ বাসগৃহত চাহমেল

শপতগ্ৰহণৰ পূৰ্বে মোদীৰ বাসগৃহত চাহমেল
মন্ত্ৰিত্ব নিশ্চিত সাংসদৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
উপস্থিত মন্ত্ৰিত্ব নিশ্চিত সৰ্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজু

কোনে কোনে লাভ কৰিব মোদীৰ মন্ত্ৰীসভাত স্থান? এই প্ৰশ্নৰ চৰ্চাৰ মাজতে একাংশ সাংসদক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে আলোচনাত মিলিত হ’ল। চাহমেলৰ অচিলাৰে মোদীয়ে আমন্ত্ৰিত সাংসদসকলক মন্ত্ৰিত্ব লাভৰ নিশ্চিতি দিয়ে।মন্ত্ৰিত্ব লাভ কৰিব বুলি নিশ্চিতি দিয়া সাংসদসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে।চাহ মেলত উপস্থিত থকা ৫০ৰো অধিক সাংসদৰ ভিতৰত আছে

অমিত শ্বাহ, জে পি নাড্ডা, ৰাজনাথ সিং
শিৱৰাজ সিং চৌহান, অশ্বিনী বৈষ্ণৱ, নিৰ্মলা সীতাৰমণ
সৰ্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজু, জিতেন্দ্ৰ সিং
এছ জয়শংকৰ, জ্যোতিৰাদিত্য সিন্ধিয়া,পীযুষ গোৱেল
মনোহৰ লাল খট্টৰ, অৰ্জুন মেঘৱাল, ৰামদাস আঠেৱালে
JD(U)ৰ লালন সিং, ৰামনাথ ঠাকুৰ, LJPৰ চিৰাগ পাছোৱান
TDPৰ ৰামমোহন নাইডু, HAMৰ জীতেনৰাম মাঝি আদি

চাহমেলৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে পূৱাতে উপস্থিত হয় ৰাজঘাটত। ৰাজঘাটত জাতিৰ পিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জলোৱাৰ পিছত প্ৰধানমন্ত্ৰী উপস্থিত হয় অটল বিহাৰী বাজপেয়ী সমাধিক্ষেত্ৰত।

অটল স্মৃতি ক্ষেত্ৰৰ পৰা মোদী উপস্থিত হয়গৈ যুদ্ধ স্মাৰকত। ইয়াৰ পিছতে মন্ত্ৰিত্ব পাব লগীয়া সাংসদসকলৰ সৈতে চাহমেলত উপস্থিত থাকে মোদী।

সন্ধিয়া ৭.১৫বজাত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব বহুকেইগৰাকী বিদেশী ৰাষ্ট্ৰপ্ৰধান। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল ৱিক্ৰমাসিংঘে, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল, ভূটানৰ প্ৰধানমন্ত্ৰী ছেৰিং টবগে, মৰিছাছৰ ৰাষ্ট্ৰপতি প্ৰবীন্দ্ৰ যুগনাথ , মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মাইজু। প্ৰায় ৫০ গৰাকী ধৰ্মগুৰু উপস্থিত থাকিব শপতগ্ৰহণত।

পূৰ্বৰ দুটা কাৰ্যকালৰ তুলনাত কিছু শক্তিহীন হৈ পৰিল মোদী। বৰ্তমান লোকসভাত NDAৰ আসনৰ সংখ্যা ২৯৩। বিজেপিয়ে অকলে লাভ কৰিলে ২৪০ খন আসন। সেয়ে কিংমেকাৰ হৈ পৰিছে TDP আৰু JDU. তথাপি তৃতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে মোদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...