এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন চুক্তি স্বাক্ষৰ কৰিছে। এই দুয়োটা সংস্থাই ভাৰতীয় ৰে’লত ব্যৱহৃত প্ৰপালচন প্ৰযুক্তি আৰু ইয়াৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব। এই কাৰ্যত কোটি কোটি ইউৰো বিনিয়োগ কৰা হ’ব।

ৰে’ল খণ্ডৰ ক্ৰমাগত উন্নয়নৰ বাবে এই চুক্তি স্বাক্ষৰিত হৈছে। টাটা অটো-কম্পই ইতিমধ্যে বৈদ্যুতিক যানবাহনৰ যন্ত্ৰাংশ নিৰ্মাণৰ কাম কৰি আছে, আৰু এইবাৰ ৰে’লৱে খণ্ডত প্ৰৱেশ কৰিছে।

নতুন সংস্থাটোৱে মেট্ৰ’, মধ্যমৰ পৰা উচ্চ গতিৰ ৰে’লৰ ড্ৰাইভ, কনভাৰ্টাৰ আৰু অন্যান্য প্ৰয়োজনীয় বৈদ্যুতিক যন্ত্ৰাংশ নিৰ্মাণ কৰিব। সকলো উৎপাদন ভাৰততেই কৰা হ’ব বুলি জানিব পৰা গৈছে।

এই চুক্তিয়ে ভাৰতৰ স্মাৰ্ট পৰিবহণৰ লক্ষ্যক আৰু শক্তিশালী কৰিব। টাটা অটো-কম্পই জনাইছে যে, তেওঁলোকে কম খৰচত উন্নত আৰু অত্যাধুনিক প্ৰযুক্তি আনিবলৈ চেষ্টা কৰিছে, বিশেষকৈ ভাৰতীয় ৰে’লৰ কথা মনত ৰাখি। টাটা অটো-কম্পৰ ভাইচ চেয়াৰমেন অৰবিন্দ গোয়েলে কয়, “স্কোডাৰ সৈতে আমাৰ চুক্তিয়ে ভাৰতীয় ৰে’ল আৰু মেট্ৰ’ত আমাৰ কামক আৰু আগুৱাই নিব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...