সদৌ অসম ডায়েট বিষয়া সন্থাৰ উদ্যোগত টাবুৰাম টাইড স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, (ডায়েট) লখিমপুৰত বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ আৰু সাহিত্যিক টাবুৰাম টাইডৰ গভীৰ অৱদানক জন্ম দিৱসৰ দিনা ৰোমন্থন কৰি এক অনুপ্ৰেৰণামূলক আৰু চিন্তনশীল অনুষ্ঠান অনুষ্ঠিত হয়| এই স্মৃতি বক্তৃতাৰ জৰিয়তে অসমৰ সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাৰ আধাৰত ভাষা, সাহিত্য আৰু পৰিচয় সম্পৰ্কীয় গভীৰ চিন্তা-চৰ্চা আগবঢ়োৱা হয়| অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱা|

অনুষ্ঠানটোৰ অন্য এক গুৰুত্বপূর্ণ কার্যসূচী আছিল সদৌ অসম ডায়েট বিষয়া সন্থাৰ (AADOA) ৱেবছাইটৰ উদ্বোধন| উক্ত কাৰ্যসূচী ৰূপায়ন কৰে ধেমাজি ডায়েটৰ অধ্যক্ষা মৌচুমী বৰুৱা বৰদলৈয়ে| উল্লেখ্য যে www.aadoa.org- এই লিংকটোত ক্লিক কৰি আগ্ৰহীসকলে ডায়েট সম্পৰ্কে বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰিব| সদৌ অসম ডায়েট বিষয়া সন্থাৰ সম্পাদক প্ৰধান ড° ঋতু পৰ্ণ মহন্তই ৱেবছাইটটোৰ জৰিয়তে সংযোগ, সহযোগিতা আৰু সামূহিক উন্নয়নৰ দিশত আগবাঢ়ি যাবলৈ সহায়ক হ’ব বুলি আদৰণি ভাষণত মত পোষণ কৰে|

অনুষ্ঠানটি আঁত ধৰে সন্থাৰ লখিমপুৰ মণ্ডলৰ সম্পাদক কৰুণা কান্ত হাজৰিকাই| অনুষ্ঠানৰ শেষত সন্থাৰ সভাপতি ইন্দ্ৰজিৎ গামে লখিমপুৰ মণ্ডলৰ আয়োজক সমিতি সমন্বিতে অনুষ্ঠান দুটি সাফল্যমণ্ডিত কৰা সমূহ সুধিবৃন্দক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে|

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...