আৰু কিমান দিনলৈ ডিটেনছন কেম্পত থাকিব অবৈধ নাগৰিক?

চিনাক্তকৰণ হোৱা বিদেশী নাগৰিকৰ বহিস্কাৰ নকৰা সম্পৰ্কত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সকীয়নি উচ্চতম ন্যায়ালয়ৰ। এনে অবৈধ নাগৰিকক অনিৰ্দিষ্ট কাললৈ ডিটেনশ্যন চেণ্টাৰত ৰখা কাৰ্যক তীব্ৰ সমালোচনা কৰে সৰ্বোচ্চ ন্যায়ালয়ে। ইয়াৰ বাবে চৰকাৰে শুভ মুহূৰ্তলৈ অপেক্ষা কৰিছে নেকি বুলিও প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে।
আৰু কিমান দিনলৈ ডিটেনছন কেম্পত থাকিব অবৈধ নাগৰিক? অবৈধ নাগৰিকৰ বিতাড়নক লৈ তৎপৰ উচ্চতম ন্যায়ালয়। ৰাজ্য চৰকাৰ, কন্দ্ৰীয় চৰকাৰক সকীয়ালে সৰ্বোচ্চ ন্যায়ালয়ে। বিতাড়নৰ পৰিৱৰ্তে ডিটেনছন শিবিৰত ৰখাৰ বাবে চৰকাৰক সকীয়নি। অসম চৰকাৰলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্ন– শুভ মুহূৰ্তলৈ অপেক্ষা কৰিছে নেকি? ডিটেনছন কেম্পত থকা অবৈধ নাগৰিকক বহিস্কাৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। দুসপ্তাহৰ ভিতৰত অবৈধ নাগৰিকক বহিস্কাৰৰ নিৰ্দেশ ৰাজ্য চৰকাৰক। গোৱালপাৰাৰ মাটিয়া ডিটেনছন শিবিৰত আছে ৬৩জনকৈ অবৈধ নাগৰিক। অবৈধ বিদেশীৰূপে চিনাক্ত হোৱা এইসকল লোকক অনিৰ্দিষ্ট কাললৈ শিবিৰত ৰাখি থ’ব নোৱাৰে বুলিও স্পষ্ট কৰি দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ মতে অনিৰ্দিষ্ট কাললৈ শিবিৰত ৰখাটো মূল অধিকাৰ খণ্ডনৰ সমতুল্য। সেয়ে দুসপ্তাহৰ ভিতৰত তেওঁলোকক বহিস্কাৰ কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ ওকা আৰু ন্যায়াধীশ উজ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়াৰ পিছতে ৰাজ্য চৰকাৰে প্ৰকাশ কৰে যে তেওঁলোক কোন দেশৰ নাগৰিক সেয়া নিশ্চিত নোহোৱা বাবে বিতাৰণ কৰাটো সম্ভৱ নহয়। এই ক্ষেত্ৰত ন্যায়ালয়ে স্পষ্টভাৱে জনায়, ঠিকনা নাজানিলেও তেওঁলোকক বহিস্কাৰ কৰাটো জৰুৰী। এনে অবৈধ নাগৰিকক চিৰদিনলৈ শিবিৰত ৰখাটো সম্ভৱ নহয়। যোৱা ৯ ডিচেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে এই সম্পৰ্কত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰি ২৭০ জন বিদেশী নাগৰিকৰ একাংশক কিয় মাটিয়া শিবিৰত ৰখা হৈছে তাক স্পষ্ট কৰাৰ নিৰ্দেশ দিছিল। ইতিমধ্যে দাখিল কৰা শপতনামা ক্ৰুটিপূৰ্ণ বুলিও ন্যায়ালয়ে জনায়। গোচৰ সম্পৰ্কত অহা ২৫ ফেব্ৰুৱাৰীত পুনৰ শুনানি অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...