বাক্ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰি ‘CONTENT’ সৃষ্টি কৰিব নোৱাৰিব! স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুয়েঞ্চাৰসকলে নিজৰ ‘কনটেন্ট’ প্ৰস্তুতৰ বাবে বাক-স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। সর্বোচ্চ ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিছে। শীর্ষ ন্যায়ালয়ৰ বিচাৰপতি সূৰ্যকান্ত আৰু জয়মাল্য বাগচীৰ খণ্ডপীঠৰ মতে, ইনফ্লুয়েঞ্চাৰসকলে বাণিজ্যিক উদ্দেশ্যৰে কনটেন্ট তৈয়াৰ কৰে। ফলত, যদি কোনো কনটেন্ট ‘বাণিজ্যিক’ (কমাৰ্চিয়েল) বা ‘নিষিদ্ধ’ বক্তৃতাৰ আওতাত পৰে, তেন্তে তাৰ বাবে বাক-স্বাধীনতাৰ অধিকাৰ প্রযোজ্য নহ’ব বুলি ন্যায়ালয়ে স্পষ্ট কৰিছে।

শেহতীয়াকৈ ইনফ্লুয়েঞ্চাৰ ৰণবীৰ এলাহাবাদীয়াৰ এটা অনলাইন অনুষ্ঠানক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিষয়ে সর্বোচ্চ ন্যায়ালয়তো গোচৰ দাখিল কৰা হৈছিল। এই গোচৰত আন পাঁচজন ইনফ্লুয়েঞ্চাৰৰ নামো জড়িত হৈছিল— সময় ৰাইনা, বিপুল গয়াল, বলৰাজ পৰমজিৎ সিং ঘাই, সোনালী ঠাকুৰ আৰু নিশান্ত জগদীশ তনৱাৰ। তেওঁলোকৰ বিৰুদ্ধে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ প্ৰতি ঠাট্টা-মস্কৰা কৰাৰ অভিযোগ উঠিছিল। এই ঠাট্টাৰ বাবে পাঁচজন ইনফ্লুয়েঞ্চাৰে ইতিমধ্যে শীর্ষ ন্যায়ালয়ত ক্ষমা প্ৰাৰ্থনা কৰিছে। কিন্তু ন্যায়ালয়ে নিৰ্দেশ দিছে যে, এই পাঁচজন ইনফ্লুয়েঞ্চাৰে নিজৰ নিজৰ চেনেলৰ জৰিয়তে সাধাৰণ জনতাৰ ওচৰতো ক্ষমা খুজিব লাগিব।

কেন্দ্ৰৰ তৰফৰ পৰা এটৰ্ণী জেনেৰেল আৰ বেংকটৰমণীয়ে ন্যায়ালয়ত জনাইছে যে, অনলাইনত বক্তব্যৰ বাবে নিৰ্দেশিকা তৈয়াৰ কৰিবলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়কে ধৰি সংশ্লিষ্ট সকলো পক্ষৰ সৈতে ইতিমধ্যে আলোচনা হৈছে। কিন্তু এই বিষয়ৰ সৈতে বাক-স্বাধীনতাৰ বিষয়টোও জড়িত থকাৰ বাবে ইয়াক সংবেদনশীলতাৰ সৈতে বিবেচনা কৰিব লাগিব। এটৰ্ণী জেনেৰেলৰ বক্তব্যৰ পৰিপ্ৰেক্ষিতত সর্বোচ্চ ন্যায়ালয়ে জনাইছে যে, মুষ্টিমেয় ইনফ্লুয়েঞ্চাৰৰ বিচ্যুতিৰ ভিত্তিত চিন্তা নকৰি দ্ৰুত বা অপ্ৰত্যাশিতভাৱে কোনো নিয়ম তৈয়াৰ কৰিব নোৱাৰি। যোগাযোগৰ প্ৰযুক্তিত ভৱিষ্যতে আৰু কি কি প্ৰত্যাহ্বান আহিব পাৰে, তাক বিবেচনা কৰি এই নিয়ম অধিক ব্যাপক হ’ব লাগিব।

শীর্ষ ন্যায়ালয়ৰ বক্তব্য, “এখন কাৰ্যকৰী নিৰ্দেশিকা স্থিৰ কৰিব লাগিব। নহ’লে উৰ্বৰ মনৰ তৰুণ প্ৰজন্মক এই নিয়ম এৰাই চলাৰ পৰা ৰখাব নোৱাৰি। সীমা অতিক্ৰম কৰাৰ ফলত যিমান ক্ষতি হৈছে, তাৰ পৰিণামো তেনেকুৱাই হ’ব লাগিব। নহ’লে তেওঁলোকে ভাবিব যে, কেৱল ক্ষমা খুজিলেই পাৰ পাই যাব পাৰি।”

অভিযুক্ত পাঁচজন ইনফ্লুয়েঞ্চাৰক নিজৰ নিজৰ সামাজিক মাধ্যমৰ চেনেলত ক্ষমা খুজিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে। কেৱল সেয়াই নহয়, সমাজত সকলোকে লৈ একেলগে চলাৰ বাবে জনসাধাৰণক বিভিন্ন ধৰণে সচেতন কৰিবলৈও তেওঁলোকে কৰ্তব্য পালন কৰিব লাগিব। বিশেষভাৱে সক্ষম ব্যক্তিসকলক সমাজৰ মূলসুঁতিৰ সৈতে অধিক নিবিড়ভাৱে জড়িত কৰাৰ বাবে এই পাঁচজন ইনফ্লুয়েঞ্চাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে, তাকো সর্বোচ্চ ন্যায়ালয়ত জমা দিব লাগিব। সর্বোচ্চ ন্যায়ালয়ে এইটোও জনাইছে যে, ইনফ্লুয়েঞ্চাৰসকলে যিমান সীমা লংঘন কৰিছে, তেওঁলোকৰ অনুতাপো সিমানেই হ’ব লাগিব। তাৰ পিছতহে তেওঁলোকৰ জৰিমনা সম্পৰ্কীয় বিষয় বিবেচনা কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...