ভাৰতীয় দললৈ পুনৰ প্ৰত্যাৱৰ্তন সুনীল ছেত্ৰীৰ

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে ঘোষণা কৰিছে যে, ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্ৰীয়ে এই মাহত মালদ্বীপ আৰু বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ফিফা আন্তৰ্জাতিক Window মেচৰ বাবে জাতীয় দললৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে ছেত্ৰীয়ে বিগত বছৰৰ জুন মাহত কুৱেইটৰ বিৰুদ্ধে তেওঁৰ শেষ মেচ খেলি আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছিল। কিন্তু, এএফচি এছিয়ান কাপ চৌদি আৰৱ ২০২৭ৰ তৃতীয় ৰাউণ্ডৰ বাছনি পৰ্বৰ পূৰ্বে এই সময়ত ছেত্ৰীৰ প্ৰত্যাৱৰ্তন এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে পৰিগণিত হৈছে। ভাৰতে ১৯ মাৰ্চত শ্বিলঙত মালদ্বীপৰ বিৰুদ্ধে এখন প্ৰীতি মেচ খেলিব, তাৰ পিছত একেটা স্থানতে বাংলাদেশৰ সৈতে তেওঁলোকৰ প্ৰথমখন বাছনি মেচত অংশগ্ৰহণ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...