কোনে প্ৰাণ ল’লে সপ্তম শ্ৰেণীৰ দিপালীৰ?

শনিবাৰে পুৱাৰ ভাগতে নাজিৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। নাজিৰাৰ পাতঘৰ চাৰিআলিত থকা এটা শিলৰ ক্ৰেছাৰত উদ্ধাৰ হ’ল এগৰাকী ছাত্ৰীৰ মৃতদেহ। শিলৰ ক্ৰেছাৰ ডাষ্টত পোত খাই আছিল মৃতদেহটো। লগে লগেই ক্ৰেছাৰত কৰ্মৰত কৰ্মচাৰীয়ে খবৰ দিয়ে স্থানীয় লোকক। ইপিনে আকৌ অঞ্চলটোত তিনিদিন ধৰি সন্ধানহীন হৈ আছিল এগৰাকী কিশোৰী। নিৰুদ্দিষ্ট কিশোৰী গৰাকী দিপালী আগৰিয়া। গেলেকীৰ ত্ৰিবেণী হাইস্কুলৰ সপ্তম মানৰ ছাত্ৰী দিপালী। ক্ৰেছাৰত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা খবৰ বিয়পি পৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ। লগে লগে চিনাক্ত কৰা হয় মৃতদেহটো। আন কাৰো নহয়, মৃতদেহটো আছিল নিৰুদ্দিষ্ট দিপালী আগৰিয়াৰ। ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছিলগৈ স্থানীয় আৰক্ষী। ঘটনাস্থলীত উপস্থিত হয় কিশোৰীগৰাকীৰ পৰিয়ালো। তিনিদিনে সন্ধানহীন ছাত্ৰীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি শোকত ভাগি পৰে পৰিয়াল। ক্ৰেছাৰটোৰ CC কেমেৰা বিকল হৈ থকাত বিপাঙত পৰিছে আৰক্ষীও।

ঘটনাস্থলীত উপস্থিত হৈয়েই শিহৰণকাৰী ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। তিনিদিনে সন্ধানহীন হৈ থকা ১৪ বছৰীয়া দিপালীৰ মৃতদেহ কেনেকৈ উদ্ধাৰ হ’ল? প্ৰাথমিক অনুসন্ধানৰ অন্তত আৰক্ষী একপ্ৰকাৰ নিশ্চিত যে এয়া আত্মহত্যাৰ ঘটনা নহয়। পৰিয়াল প্ৰতিবেশীৰ মতে এয়া এক শীতল মস্তিস্কৰে কৰা পৰিকল্পিত হত্যা। খবৰ অনুসৰি স্থানীয় এজন যুৱকৰে প্ৰেমৰ সম্পৰ্ক আছিল কিশোৰীগৰাকীৰ। প্ৰেমিকেই ঘাতক নেকি সপ্তম শ্ৰেণীত অধ্যয়নৰত ১৪ বছৰীয়া দিপালীৰ? কোনে হত্যা কৰিলে দিপালী আগৰিয়াক? অজ্ঞাত লোকে আন কৰ’বাত হত্যা কৰি দিপালীক ক্ৰেছাৰত পুতি থ’লে নেকি? নে নাজিৰাৰ পাতঘৰ চাৰিআলিত থকা শিলৰ ক্ৰেছাৰতে হৈছিল হত্যাকাণ্ড? ঘটনা সন্দৰ্ভত কোনো ক্লু উদ্ধাৰ নোহোৱাত বিষয়বোৰ অধিক ৰহস্যৰ আৱৰ্ততক সোমাই পৰিছে। স্থানীয় লোকে ঘটনা সন্দৰ্ভত বিচাৰিছে আৰক্ষীৰ পুংখানুপুংখ অনুসন্ধান। দিপালী আৰগিয়াৰ হত্যাত জড়িত অভিযুক্তৰ দৃষ্টান্তমূলক শাস্তিৰো দাবী ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...