আজানৰ সময়ত বন্ধ ৰখা হ’ল লাউড স্পীকাৰ!

মুম্বাইৰ বিভিন্ন অঞ্চলৰ মছজিদসমূহত আজি পুৱা আজানৰ সময়ত বন্ধ ৰখা হ’ল লাউডস্পীকাৰসমূহ। মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ থাকৰেৰ নিৰ্দেশক্ৰমে বন্ধ ৰখা হয় মছজিদৰ এই লাউডস্পীকাৰসমূহ। মছজিদত পুৱা আজান দিয়াৰ সময়ত লাউডস্পীকাৰসমূহ বন্ধ নকৰিলে মছজিদৰ ওচৰত হনুমান চালিছা গোৱা হ’ব বুলি ভাবুকি দিছিল ৰাজ থাকৰেই। থাকৰেৰ এই নিৰ্দেশ মানি মুম্বাই আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ মছজিদসমূহত বন্ধ ৰখা হয় লাউডস্পীকাৰ। আন একাংশ মছজিদত আজানৰ সময়ত অতি নিম্ন স্বৰত ব্যৱহাৰ কৰা হয় লাউডস্পীকাৰ। যোৱা কিছুদিন ধৰি ৰাজ থাকৰেই মছজিদৰ লাউডস্পীকাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে ইয়াৰ বাবে ৪ মে’ৰ সময়সীমা বান্ধি দিছিল। এই ঘটনা সন্দৰ্ভত এম এন এছৰ ২৬০ জন কৰ্মীক আৰক্ষীয়ে আটক কৰে। মহাৰাষ্ট্ৰৰ গৃহ বিভাগে প্ৰকাশ কৰা মতে পুৱা ৬ বজাৰ পূৰ্বে মুম্বাইৰ ১,১৪০টা মছজিদৰ ভিতৰত মাত্ৰ ১৩৫টাতহে লাউডস্পীকাৰ ব্যৱহাৰ কৰা হয়। ইপিনে, মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰ নকৰালৈকে এম এন এছৰ এই অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে ৰাজ থাকৰেই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...