গুৱাহাটী মহানগৰীৰ সংবাদকর্মী সকলৰ অগ্ৰণী অনুষ্ঠান দিছপুৰ প্ৰেছ ক্লাবে SPM IAS Academyক অসম আৰু উত্তৰ পূৰ্বাঞ্চলত অসামৰিক পৰীক্ষাৰ কোচিং আৰু প্রতিযোগিতা মুলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৱদানৰ বাবে ‘জ্ঞানদ্বীপ শৈক্ষিক প্রতিষ্ঠান বঁটা ২০২৫’ ৰে সন্মানিত কৰিছে।

গুৱাহাটীৰ লোক নির্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্র প্রেক্ষা গৃহত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত শ্রীযুত ধৰ্মেশ্বৰ কোৱৰে এই বঁটা প্ৰদান কৰে।
বঁটা গ্ৰহণ কৰি SPM IAS Academyৰ সঞ্চালক শ্ৰীযুত চিন্ময় বৰদলৈয়ে কয় যে ‘সদায় আমাৰ লগত থকা আমাৰ ছাত্র-ছাত্রী, শিক্ষক আৰু সমগ্ৰ SPM IAS Academy পৰিয়ালৰ সহায়, কষ্ট আৰু ত্যাগৰ প্ৰতি আমি সদায় কৃতজ্ঞ। আমাৰ এই যাত্ৰাই শিক্ষাৰ্থীসকলৰ সফলতা আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি আমাৰ অবিৰত দায়বদ্ধতাক প্রতিফলিত কৰিছে।’

২০২৩ চনৰ APSC CCES SPM IAS Academy এক অসাধাৰণ মাইলৰ খুঁটি অৰ্জন কৰিছিল, য’ত ২৩৫টা পদৰ ভিতৰত ১৯৪টা পদ লাভ কৰি মুঠ আসনৰ ৮৩% SPM IAS Academyৰ ছাত্ৰ-ছাত্ৰীয়ে দখল কৰিছিল। ইয়াৰ পূৰ্বে ২০২২ চনত SPM IAS Academyৰ ছাত্ৰ-ছাত্রীসকলে ৯১৩টা পদৰ ভিতৰত ৬৮৯টা, আৰু ২০২০ চনত ৩৩১টা পদৰ ভিতৰত ১৭৭টা পদ লাভ কৰিছিল।

ইয়াৰ নিত্য নতুন শিক্ষা ব্যৱস্থা, ছাত্র-ছাত্রী কেন্দ্রিক পদ্ধতি আৰু অন্তর্ভুক্তিমূলক শিক্ষাৰ প্ৰতি এক শক্তিশালী দায়বদ্ধতাৰে SPM IAS Academyয়ে উত্তৰ-পূবৰ অসামৰিক সেৱাৰ প্ৰতি আগ্ৰহী শিক্ষার্থীসকলৰ বাবে শীর্ষ আৰু আটাইতকৈ পছন্দৰ প্ৰতিষ্ঠান হিচাপে প্রতিষ্ঠিত হৈছে; যিয়ে অঞ্চলটোৰ যুৱক-যুৱতীসকলক আত্মবিশ্বাস আৰু উৎকৃষ্টতাৰে ৰাজহুৱা সেৱাৰ দিশত কেৰিয়াৰ গঢ়িবলৈ শক্তিশালী কৰি তুলিছে।
