ছয়াবিনৰ খেতিৰে নতুন বিপ্লৱ অনা কৃষকক ‘অংকুৰিত অসম’ৰ সম্বৰ্দ্ধনা

৭০ শতাংশ কৃষিজীৱি লোক থকা অসমত খেতিৰ বতৰত এতিয়া ছন পৰি ৰৈছে বিভিন্ন প্ৰান্তৰ বহু পথাৰ। কাৰণ খেতি কৰিবলৈ অসমীয়া লোকৰ হেমাহি। চৰকাৰী অভিলাসী আঁচনিৰ কৃপাত ঘৰতে বহি চাউলৰ পৰা অন্যান্য সামগ্ৰী উপলব্ধ হোৱাৰ ফলতো একাংশৰ অনীহা বৃদ্ধি কৃষি কৰ্মলৈ। ইয়াৰ মাজতে একাংশ কৃষকে ৰাজ্যলৈ আনিছে আশাৰ বতৰা। ওদালগুৰিৰ সমীপৰ পথাৰত ১৮ বিঘা ভূমিত Soyabeanৰ খেতি কৰি লাভান্বিত হৈছে এইসকল কৃষক। ওদালগুৰৰ দাওগালং ছয়া ছচাইটিৰ এই পদক্ষেপে অসমৰ কৃষকৰ বাবে কঢ়িয়াইছে আশাৰ বতৰা। কাৰণ একে পৰিমাণৰ ভূমিত ধানৰ স্থানত ছয়া খেতি কৰিলে কৃষক একোজন উপকৃত হ’ব পাৰে ৪গুণ পৰিমাণে। অসমত ছয়া খেতি নহয় বুলি থকা ধাৰণা এই উদ্যমি কৃষকসকলে ভুল প্ৰতিপন্ন কৰিলে।

এইসকল পৰিশ্ৰমী কৃষকক সন্মানিত কৰিবলৈ ‘ অংকুৰিত অসম ‘ নামৰ সংগঠনে ক্ষেত্ৰীৰ সমীপৰ টেঘেৰিয়া জলপ্ৰপাতৰ পথত থকা কৃষি পামত অনন্য সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আয়োজন কৰে এক ব্যতিক্ৰমী অনুষ্ঠানৰ। চৰকাৰৰ কৃষি বিভাগৰ যিটো কৰিবলগীয়া কাম সেইয়া উদ্যামী ব্যক্তি নাছেৰ হুছেইৰ নেতৃত্বত ‘অংকুৰিত অসমে ‘ কৰি এক বিৰল দৃষ্টান্ত দাঙি ধৰিছে। তেওঁলোকৰ মূল লক্ষ্য হ’ল অসমত চয়াবিনৰ খেতি কৰি কৃষকসকল যে লাভান্বিত হ’ব পাৰে সেইয়া প্ৰতিপন্ন কৰাটো।

কৃষকক উৎসাহিত কৰিবলৈ ‘ অংকুৰিত অসম’ৰ এই অভিনৱ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ লয় সাংবাদিক প্ৰণয় বৰদলৈয়ে । কৃষি বিভাগৰ যুটীয়া সঞ্চালক মৌচম হাজৰিকা, Nedfi, Neramic আদিৰ প্ৰাক্তন শীৰ্ষ কাৰ্যবাহী মনোজ কুমাৰ দাস, কৃষি বিষয়া ভূপেন দাস, কৃষি বিজ্ঞানী ড: জয়ৰাজ ভট্টাচাৰ্য, চৰকাৰী বিষয়া মনোৰঞ্জন বৰ্মণ আদিয়েও এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ লৈ ‘অংকুৰিত অসম’ৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লয়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...