নিবনুৱাৰ সংস্থাপনৰ নামত উপলুঙা কিয়?

0 80

আচলতে ভুল কাৰ? ব’ৰ্ডৰ নে দুষ্টচক্ৰৰ? কিয় বাৰে বাৰে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ জীৱনক লৈ খেলা খেলিছে একাংশই? লাখ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ অন্তৰালত আচলতে ভুল কাৰ? ছেবাৰ নে আৰক্ষী প্ৰশাসনৰ? কটকটীয়া নিৰাপত্তাৰক্ষীৰ মাজতো কেনেকৈ ফাদিল হ’ব পাৰে প্ৰশ্ন কাকত ? প্ৰশ্ন কাকতৰ সুৰক্ষা দিয়াৰ সামৰ্থ নাই নেকি ৰাজ্য চৰকাৰৰ? প্ৰতিজন সচেতন ব্যক্তিৰ মনত উদয় হৈছে বহু প্ৰশ্নৰ যাৰ উত্তৰ এই মুহূৰ্তত কাৰো হাতত নাই। ৰাজ্যত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লগতে উপ-নিয়ন্ত্ৰক,হোম গাৰ্ডচ পদবীৰ লিখিত পৰীক্ষাৰ দায়িত্ব লাভ কৰিছিল ছেবাই। পৰীক্ষাও পাতিছিল ২৪ এপ্ৰিল,দেওবাৰে। ছেবাৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ মুহূৰ্ততে সামাজিক মাধ্যমত ভাইৰেল হৈছিল SI পৰীক্ষাৰ প্ৰশ্ন কাকত। এতিয়া প্ৰশ্ন হয়,পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে প্ৰশ্নকাকত ফাদিল হৈছিল নেকি? কিয়নো পৰীক্ষাৰ উত্তৰবহীৰ লগতে প্ৰশ্নকাকতখনো জমা দি আহিব লগা হৈছিল পৰীক্ষাৰ্থীয়ে।

পৰীক্ষা হলত মোবাইলৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী নিয়াতো আছিল নিষেধাজ্ঞা লগতে সকলো নিৰাপত্তামূলক ব্যৱস্থা লৈছিল ছেবাই। তেন্তে মোবাইলে মোবাইলে ভাইৰেল হ’ল কেনেকৈ? এনেক্ষেত্ৰত হতাশা প্ৰকাশ কৰিছে পৰীক্ষাৰ্থীয়ে। প্ৰশ্নকাকত ফাদিলক লৈ অসম চৰকাৰক তদন্ত কৰাৰ বাবে আহ্বান জনাইছে পৰীক্ষাৰ্থীসকলে। ইতিমধ্যে কাকত ফাদিল সন্দৰ্ভত কামপুৰত এজন যুৱকক আটক কৰিছে অসম আৰক্ষীয়ে । যুৱকজন চাংচকীৰ পিণ্টু গোঁহাই ৷ কামপুৰ আৰক্ষীয়ে সোধাপোছাৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখিছে যুৱকজনক ৷ গুৱাহাটী মহানগৰৰ মালিগাঁৱৰ ললিত চন্দ্ৰ ভৰালী কলেজৰ পৰা প্ৰশ্ন কাকত লাভ কৰি ভাইৰেল কৰিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ কৰিছে যুৱক জনে। SI পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেলৰ সৈতে অভিযুক্ত সোণমণি কোচ, পিণ্টু গোহাঁই আৰু প্ৰাঞ্জল দেউৰীৰ বিৰুদ্ধে ব্যৱস্থা নলয় আৰক্ষীয়ে।️ ধৃত ৩ যুৱকক ক্লীন শ্বীট নগাঁও আৰক্ষী অধীক্ষকৰ।

পানী বটল এটাকে পৰীক্ষা কেন্দ্ৰলৈ লৈ যোৱাত বাধা আৰোপ কৰা হৈছিল। এনে ক্ষেত্ৰত প্ৰশ্ন কাকতৰ ফাদিলক লৈ চিন্তিত পৰীক্ষাৰ্থীৰ লগতে অভিভাৱক। অসমত প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো কোনো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও ৰাজ্য কপাঁই যোৱাকৈ অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীক ৰাজ্যবাসীয়ে পাহৰি যোৱা নাই । ৰাজ্য কপাঁই যোৱা সেই কেলংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে সেইবাৰ পৰীক্ষা স্থগিত ৰাখি পুনৰ নতুনকৈ অনুষ্ঠিত কৰা হৈছিল SI পৰীক্ষা।

Leave A Reply

Your email address will not be published.