বিজেপি বিধায়কৰ কথা নুশুনাটোৱেই কাল হ’ল নেকি SI জোনমণিৰ?

বিজেপি বিধায়কৰ কথা নুশুনাটোৱেই কাল হ’ল নেকি জোনমণিৰ? বিধায়ক অমিয় ভূঞাৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰিছিল জোনমণিয়ে। ফোনতেই বিধায়ক জনক SI জোনমণিয়ে দিয়া নীতি শিক্ষা সামাজিক মাধ্যমত হৈ পৰিছিল ভাইৰেল। ইয়াকে লৈ সৃষ্টি হৈছিল বিভিন্ন প্ৰতিক্ৰিয়াৰ। ইয়াৰ কেইমাহ মান পিছতে প্ৰেমিক ৰাণা প’গাগৰ প্ৰৱঞ্চনাৰ সৈতে সাঙোৰ খাইছিল জোনমণিৰ নাম। নিজৰ প্ৰেমিকক জে’ললৈ পঠিয়াই পুনৰ হিৰো হ’বলৈ চেষ্টা চলাইছিল জোনমণিয়ে। অৱশেষত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠিয়ালে জোনমণি ৰাভাকো।

SI জোনমণি ৰাভাৰ গ্ৰেপ্তাৰক লৈ তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাই। SI জোনমণি ধোৱা তুলসীৰ পাত নাছিল বুলি মন্তব্য কৰিলে বিধায়কজনে। বিধায়ক অমিয় ভূঞাৰ মতে পূৰ্বেই শাস্তিৰ সন্মুখীন হ’ব লাগিছিল জোনমণি ৰাভা।

NKTV Digital
Author: NKTV Digital

11 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...