ৰাজ্যত পুনৰ মানৱতাক ভূ-লুণ্ঠিত কৰা ঘটনা

দক্ষিণ কামৰূপৰ আমত’লাত সংঘটিত হৈছে মানৱতাক ভূ-লুণ্ঠিত কৰা ঘটনা। গাঁতৰ পৰা উদ্ধাৰ কৰা হ’ল মৃত নৱজাতক। অবিবাহিত যুৱতীয়ে পিতৃৰ সৈতে মিলি নৱজাতকক পুতি থোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিবেশীয়ে দেখা পাই খবৰ দিয়ে গাঁৱৰ ৰাইজক। গাঁওবাসীয়ে জেৰা কৰাত পিতৃ-কন্যাই প্ৰথমে অস্বীকাৰ কৰে ঘটনাটো। গাঁওবুঢ়াই ঘটনা সন্দৰ্ভত অৱগত কৰে আৰক্ষীক। তাৰ পিছতেই ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত অভিযান। কুকুৰমাৰা আৰক্ষীৰ সহযোগত পুখুৰীপাৰৰ পৰা উদ্ধাৰ কৰা হয় মৃত নৱজাতকটি। অধিক তথ্যৰ বাবে আৰক্ষীয়ে পিতৃ-কন্যাক জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...