বিয়া খাই ঘৰলৈ উভতি অহা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হল চুবুৰীয়াৰ চোতালত

কান্দোনৰ ৰোল উঠিছে চামগুৰি পুৰণিগুদাম মুঢ়ানিত। সৰহবৰহী যুৱকৰ মৃতদেহ চোতালত। বিয়া খাই উভতি অহা প্ৰণৱৰ মৃত্যু কেনেকৈ হ’ল? ঘটনাক লৈ এতিয়া ঘনীভূত ৰহস্য। বৃহস্পতিবাৰে সন্ধিয়া বন্ধুৰ সৈতে বিয়া খাবলৈ বুলি ওলাই গৈছিল প্ৰণৱজ্যোতি বৰা নামৰ যুৱকজন। আছিল জন্মদিনৰ এটা অনুষ্ঠানো। অনুষ্ঠান সামৰি এজন বন্ধুক ঘৰত থৈ নিজৰ ঘৰলৈ বুলি বোলেৰো গাড়ীখনত ৰাওনা হৈছিল প্ৰণৱ। পুৱালৈ চুবুৰীয়া এঘৰৰ চোতালত ওলাল প্ৰণৱজ্যোতি বৰাৰ মৃতদেহ। চিঞৰ-বাখৰ লাগিল অঞ্চলটোত। কেনেকৈ ঘটিল এই ঘটনা? পূৰ্বে থোৱাৰ দৰেই প্ৰণৱৰ বলেৰো বাহন থোৱা আছিল ঘৰৰ সন্মুখত> প্ৰণৱৰ মৃতদেহ পৰি আছিল আন এঘৰৰ চোতালত। কেনেকৈ? ঘটনাক লৈ ঘনীভূত ৰহস্য। পৰিয়াল তথা স্থানীয় ৰাইজৰ সন্দেহ, এয়া হত্যাকাণ্ড।

সকলোৰে লগত মিলি-জুলি থকা ল’ৰা আছিল প্ৰণৱজ্যোতি। সকলোকে সহায় কৰিছিল। কাৰো লগত নাছিল হাই-কাজিয়া। তেন্তে কোনে কিয় এই ঘটনা সংঘটিত কৰিলে। কেনেকৈ মৃত্যু হল প্ৰণৱৰ। তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য সমগ্ৰ অঞ্চলটোত। যুৱ কংগ্ৰেছৰ চামগুৰিৰ উপ-সভাপতি আছিল প্ৰণৱ। কংগ্ৰেছী মহলতো শোকৰ ছাঁ পৰিছে এই ঘটনাত। সকলোৱে আশা কৰিছে ঘটনাৰ এক সঠিক তদন্ত হওক। যদি এয়া হত্যাকাণ্ড তেন্তে দোষীয়ে পাওক কঠোৰ শাস্তি। দাবী তুলিছে সকলোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...