পুৰণি আখেজৰ বাবেই যুৱকৰ দলৰ ভয়ংকৰ কাণ্ড

ডিব্ৰুগড়ৰ আলুবাৰীত সংঘটিত হল চাঞ্চল্যকৰ হত্যাকাণ্ড। পুৰণি আখেজৰ বাবে ১২ জনীয়া এটা দলে আক্ৰমণ কৰিলে টম্লু সোণাৰ নামৰ যুৱকক। বুধবাৰে নিশা ঘটিছিল সেই ঘটনা। সন্ধিয়া কামৰ পৰা উভতি অহা নাছিল টম্লু সোণাৰ। ঘৰৰ পৰা ওলাই গৈ পত্নীয়ে দেখিলে এঠাইত বহি আছে যুৱকজন। সেই ঠাইৰ পৰা লৈ আনিলে ঘৰলৈ। ঘৰত খাবলৈ দিলে ৰুটী। ৰুটী খাওঁতেই তেজ বমি হয় যুৱকজনৰ।

বেয়াকৈ প্ৰহাৰ কৰা হৈছিল যুৱকজনক। দীপজ্যোতি ৰাজবংশী নামৰ এজন যুৱকে লগত আৰু এঘাৰজন যুৱকক লৈ এটা কোঠাত আবদ্ধ কৰি টম্লুক প্ৰহাৰ কৰাৰ অভিযোগ। গুৰুতৰভাবে অসুস্থ হৈ পৰা যুৱকজনক ভৰ্তি কৰোৱা হৈছিল অসম মেডিকেল কলেজত। তাতেই যুৱকজনৰ মৃত্যু হল। ইয়াৰ পাছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত দীপজ্যোতি ৰাজংবশীক। লগত থকা আন ১১জন যুৱককো গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী সকলোৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...