পৰকীয়া প্ৰেম! পৰণতিত শেষ এটা জীৱন

পৰকীয়া প্ৰেমৰ বাবেই সময়ে সমযে সংঘটিত হৈ আহিছে কোনেও কল্পনা নকৰা কিছু ভয়ংকৰ ঘটনা। কিছুদিন পূৰ্বৰ কাহিলীপাৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পুনৰ পৰকীয়া প্ৰেমে শেষ কৰিলে এখন ঘৰ। বেলেগৰ লগত সম্পৰ্ক ৰখাৰ সন্দেহতেই বিধৱা মহিলাক হত্যা কৰি নদীত উটুৱাই দিলে অবৈধ প্ৰেমিকে।

ঘটনা ছয়গাঁৱৰ আগগুমীৰ। যোৱা ১৭ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল জয়নাব খাতুন (২৯) নামৰ মহিলাগৰাকী। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ নিৰুদ্দেশ সম্পৰ্কে আৰক্ষীক অৱগত কৰিছিল পৰিয়ালৰ লোকে। সেই অভিযোগৰ ভিত্তিতে বৃহস্পতিবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে সন্দেহবশত: একেখন গাঁৱৰে ইয়াবৰ আলী (৩০) নামৰ যুৱক এজনক আটক কৰে। আৰক্ষীৰ জেৰাত যুৱকজনে মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰাৰ পিছত কলহী নদীত উটুৱাই দিয়াৰ কথা স্বীকাৰ কৰে। যুৱকজনৰ স্বীকাৰোক্তি মতে মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ। কিছুদিনৰ পৰা মহিলাগৰাকীয়ে বেলেগ এজন পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল। সেই বিষয়ক লৈয়ে ১৬ জুনৰ নিশা দুয়োৰে মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ। পিছত সেই কাজিয়াই লয়গৈ ভয়ংকৰ ৰূপ। যুৱকজনে মহিলাগৰাকীক গামোচাৰে ডিঙি চেপি হত্যা কৰে আৰু পিছত কলহী নদীত উটুৱাই দিয়ে।

এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ছয়গাঁৱত। মহিলাগৰাকীক বিচাৰি কলহী নদীত ছয়গাঁও আৰক্ষী আৰু SDRF-এ অভিযান চলাইছে যদিও সন্ধান ওলোৱা নাই মহিলাগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...