ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড

ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এইবাৰৰ ঘটনাৰ স্থান বজালীৰ কেতেকীবাৰী। মঙলবাৰে নিশা প্ৰায় ১০বজাত সংঘটিত হয় এই ঘটনা। অচ্যুত কলিতা নামৰ ব্যৱসায়ীজনক ৰাস্তাত আগচি ধৰিছিল ডকাইতৰ দলে। ব্যৱসায়ীজনে চিঞৰ-বাখৰ কৰাত ডকাইতৰ দলক বাধা দিবলৈ ওলাই গৈছিল স্থানীয় এজন যুৱক। ডকাইতৰ দলে আক্ৰমণ কৰে জয়ন্ত কলিতা নামৰ যুৱকজনক। পৰৱৰ্তী সময়ত আহত জয়ন্ত কলিতা নামৰ যুৱকজনক ততাতকৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত। প্ৰত্যক্ষদৰ্শীৰ মতে পালচাৰ বাইকত অহা তিনি দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে বজালীৰ কেতেকীবাৰীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...