ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড

ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এইবাৰৰ ঘটনাৰ স্থান বজালীৰ কেতেকীবাৰী। মঙলবাৰে নিশা প্ৰায় ১০বজাত সংঘটিত হয় এই ঘটনা। অচ্যুত কলিতা নামৰ ব্যৱসায়ীজনক ৰাস্তাত আগচি ধৰিছিল ডকাইতৰ দলে। ব্যৱসায়ীজনে চিঞৰ-বাখৰ কৰাত ডকাইতৰ দলক বাধা দিবলৈ ওলাই গৈছিল স্থানীয় এজন যুৱক। ডকাইতৰ দলে আক্ৰমণ কৰে জয়ন্ত কলিতা নামৰ যুৱকজনক। পৰৱৰ্তী সময়ত আহত জয়ন্ত কলিতা নামৰ যুৱকজনক ততাতকৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত। প্ৰত্যক্ষদৰ্শীৰ মতে পালচাৰ বাইকত অহা তিনি দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে বজালীৰ কেতেকীবাৰীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...