চিৰযৌৱনা হৈ থকাৰ সপোনেই কাল হ’ল নেকি শ্বেফালিৰ বাবে?

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু শ্বেফালিৰ। শাৰীৰিকভাৱে সুস্থ থকাৰ পিছতো হ্ৰাস পালে ৰক্তচাপ। দ্ৰুতগতিত ৰক্তচাপ হ্ৰাস পোৱাৰ বাবে হৃদক্ৰিয়া বন্ধ হৈ পৰে। আন কোনো শাৰীৰিক অস্বাভাৱিকতা প্ৰকাশ পোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত। কিন্তু ইয়াৰ পিছতো ৰৈ গৈছে কিছুমান প্ৰশ্ন।

হঠাৎ কিয় হ্ৰাস পালে ৰক্তচাপ? ২৭ জুনৰ দিনা সত্য নাৰায়ণ পূজাৰ বাবে উপবাসে আছিল শ্বেফালি। উপবাসে থকাৰ মাজতে লৈছিল এণ্টি এইজিং ঔষধ। যাৰ বাবেই ৰক্তচাপ হ্ৰাস পোৱাৰ সন্দেহ। শ্বেফালিৰ মৃত্যুৰ তাৎক্ষণিক কাৰণ কাৰ্ডিয়টিক এৰেষ্ট বুলি প্ৰকাশ পাইছে যদিও এণ্টি এইজিং দৰৱ, যৌৱন ধৰি ৰক্ষাৰ বাবে লোৱা বিভিন্ন কৌশলৰ পাৰ্শ্বক্ৰিয়া বুলিও চৰ্চা হৈছে। শ্বেফালিৰ স্বামী পৰাগত্যাগীয়ে প্ৰকাশ কৰা মতে ২৭ জুনত শ্বেফালিয়ে ব্ৰত ভঙাৰ বাবে খাবলৈ যাওঁতেই হঠাৎ ঢলি কৰে। তাৰ পিছত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। শ্বেফালিৰ মৃত্যুৰ পিছতে উঠিছে বিভিন্ন প্ৰশ্ন। বয়সৰ প্ৰভাৱ শৰীৰত কমাই ৰখা, যৌৱন ধৰি ৰখা ঔষধবোৰ বিপদজনক হ’ব পাৰে নেকি? এনে ঔষধ ব্যৱহাৰ কৰা সকল সাৱধান হোৱাৰ প্ৰয়োজন আছে। মাত্ৰ ৪২ বছৰতে শ্বেফালীৰ মৃত্যুয়ে চৰ্চালৈ আনিছে এই বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...