এছবিআই-আইটিএফ জুনিয়ৰ টেনিছত শনিবাৰে এককৰ ফাইনেল

গুৱাহাটীৰ চচলস্থিত অসম টেনিছ সন্থাৰ প্ৰকল্পত চলি থকা এছবিআই-আইটিএফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত ল’ৰাৰ ডাবলচ শাখাৰ খিতাপ ভাৰতে অৰ্জন কৰাৰ বিপৰীতে ছোৱালীৰ ডাবলচ শাখাত চেম্পিয়ন হৈছে কাজাখস্তান৷ আজি আবেলি হোৱা ছোৱালীৰ ফাইনেলত কাজাখস্তানৰ শীৰ্ষ বাচনিৰ দুই খেলুৱৈ আলবিনা কাকেনোভা আৰু সাতীমা টৰেগেনে ভাৰতীয় যুটি জেনচি দীপকভাই কানাবৰ আৰু আকাংশা ঘোষক ৬-৩, ৬-২ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে৷

আনহাতে, ভাৰতীয় খেলুৱৈৰ মাজতে হোৱা ল’ৰাৰ ডাবলচৰ ফাইনেলত তনুষ ঘিলদিয়াল আৰু আৰাধ্যা ক্ষিতিজ যুটিয়ে ৭-৫, ৬-১ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে আদিত্য মোড় আৰু প্ৰনীল শৰ্মা যুটিক৷ সৰ্বভাৰতীয় টেনিছ সন্থা [আইটা] আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন [আইটিএফ] ৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ ডাবলচ শাখাৰ বঁটা বিতৰণ অনুষ্ঠানো আজিয়ে অনুষ্ঠিত হয়৷ সদৌ অসম টেনিছ সন্থাৰ উপ সভাপতি সুব্ৰত শৰ্মা আৰু কোষাধ্যক্ষ স্বপ্নীল বৰঠাকুৰে চেম্পিয়ন-ৰানাৰ্ছআপক ট্ৰফী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে৷

ইফালে, শীৰ্ষ বাচনিৰ ভাৰতৰ আৰাধ্যা ক্ষিতিজ আৰু কাজাখস্তানৰ আলবিনা কাকেনোভে ল’ৰা-ছোৱালীৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰি কাইলৈ সামৰণি পৰিব লগা প্ৰতিযোগিতাখনত দ্বিমুকুট অৰ্জনৰ আশাও সজিৱ কৰিছে৷ আজি হোৱা ল’ৰাৰ ছেমিফাইনেলত ক্ষিতিজে ৬-২, ৬-২ ৰ পোনপটিয়া ছেটত ওম পেটেলক পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয় স্থানৰ প্ৰনীল শৰ্মাই ৪-৬, ৬-০, ৭-৫ ৰ ব্যৱধানত মনন অশোক আগৰৱালাক পৰাস্ত কৰে৷

আনহাতে, ছোৱালীৰ এককৰ ছেমিফাইনেলত কাজাখস্তানৰ আলবিনাই ৭-৫, ৬-৩ ৰ পোনপটিয়া ছেটত তৃতীয় বাচনিৰ শ্ৰীলংকাৰ ডিনাৰা ডি ছিলভাক পৰাস্ত কৰাৰ বিপৰীতে আনখন ছেমিফাইনেলত অঘটন ঘটাই কাজাখস্তানৰ দ্বিতীয় বাচনিৰ সাতীমা টৰেগেনক ৬-৪, ৬-১ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে ভাৰতৰ জেনচী দিপকভাই কানাবাৰে৷ কাইলৈ পূৱা ৯.৩০ বজাৰ পৰা দূয়োখন ফাইনেল অনুষ্ঠিত হ’ব বুলি জনাইছে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...