পাৰমাণৱিক শক্তি লাভ কৰিলে ছৌদি আৰৱে; প্ৰতিৰক্ষা চুক্তিৰ বিনিময়ত পাকিস্তানে কি পাব?

পাকিস্তান আৰু ছৌদি আৰৱৰ মাজত হোৱা প্ৰতিৰক্ষা  চুক্তিৰ চৰ্চা মধ্যপ্ৰাচ্যৰ পৰা ইউৰোপ আৰু এছিয়ালৈকে চলিছে। এই চুক্তিৰ জৰিয়তে ছৌদি আৰৱে পাৰমাণৱিক শক্তি লাভ কৰিছে, কিন্তু প্ৰশ্ন উঠিছে পাকিস্তানৰ সম্পৰ্কত। এই চুক্তিৰ পৰা পাকিস্তানে ছৌদিৰ পৰা কি লাভ কৰিব আৰু ভৱিষ্যতে কি পাব?

প্ৰতিৰক্ষা  চুক্তিৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু পাকিস্তানৰ সেনা প্ৰধান আছিম মুনীৰ দোহাৰ পৰা পোনপটীয়াকৈ ছৌদি আৰৱত উপস্থিত হৈছিল। তাত তেওঁলোকে ছৌদিৰ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন ছলমান আৰু ছৌদিৰ প্ৰতিৰক্ষা মন্ত্ৰী খালিদ বিন ছলমানৰ সৈতে সাক্ষাৎ কৰিছিল। বৈঠকত প্ৰস্তাৱৰ ওপৰত আলোচনাৰ পিছত দুয়োপক্ষই চুক্তিত স্বাক্ষৰ কৰে।

ছৌদিৰ প্ৰতিৰক্ষা মন্ত্ৰী খালিদ বিন ছলমানে এই চুক্তিক ঐতিহাসিক বুলি বৰ্ণনা কৰিছে। বিশেষজ্ঞসকলৰ মতে, কাটাৰৰ ওপৰত ইজৰাইলৰ আক্ৰমণে ছৌদিক ভীতিগ্ৰস্ত কৰি তুলিছে। আমেৰিকাৰ নিৰাপত্তাৰ নিশ্চয়তা থকাৰ পিছতো ছৌদিয়ে বিকল্প পথ বিচাৰি আছিল আৰু পাকিস্তানৰ ৰূপত তেওঁলোকে এক পাৰমাণৱিক শক্তিসম্পন্ন দেশ লাভ কৰিছে।

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ছৌদি আৰৱ দুৰ্বল হ’লেও, কূটনৈতিক আৰু আৰ্থিক দিশত যথেষ্ট শক্তিশালী। পাকিস্তানে এই চুক্তিৰ পৰা পোনপটীয়াকৈ লাভ পাব। প্ৰতিৰক্ষা  চুক্তিৰ পিছতেই পাকিস্তানে ছৌদিৰ পৰা বিনিয়োগৰ বাবে আহ্বান জনাইছে। পাকিস্তানৰ লক্ষ্য হৈছে ছৌদিৰ পৰা যিমান সম্ভৱ বিনিয়োগ আকৰ্ষণ কৰা।

পাকিস্তানৰ ৰে’ল মন্ত্ৰী হানীফ আব্বাচীৰ মতে, ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ পৰা ২.৫ বিলিয়ন ডলাৰ ৰে’লৱেৰ আধুনিকীকৰণৰ বাবে বিনিয়োগৰ বাবে কোৱা হৈছে। এই বিনিয়োগে পাকিস্তান ৰে’লৱেৰ ৰূপ সলনি কৰিব। পাকিস্তানত এতিয়াও পুৰণি পদ্ধতিৰে ৰে’লৱে পৰিচালিত হৈ আছে।

ছৌদি আৰৱে স্বাস্থ্য আৰু ইন্ধন প্ৰকল্পতো পাকিস্তানত বিনিয়োগ কৰিব। ২০২৫ চনৰ আগষ্টত ছৌদিয়ে এই দুই খণ্ডত ১২১ মিলিয়ন ডলাৰ বিনিয়োগৰ ঘোষণা কৰিছিল। বৰ্তমান পাকিস্তানৰ বাবে বিনিয়োগেই সৰ্বাধিক প্ৰয়োজনীয়।

ছৌদিৰ সম্পৰ্ক আমেৰিকা, ৰাছিয়া, চীন আৰু ভাৰতৰ সৈতেও উৎকৃষ্ট। অপাৰেচন সিন্দূৰৰ সময়ত ছৌদিয়ে পাকিস্তানক ৰক্ষা কৰিবলৈ নতুন দিল্লীলৈ নিজৰ দূত পঠিয়াইছিল।

এই নতুন অংশীদাৰিত্বৰ জৰিয়তে পাকিস্তানে কূটনৈতিক লাভালাভ অৰ্জন কৰিব। ছৌদিয়ে বিশ্বৰ বিভিন্ন ক্ষেত্ৰত পাকিস্তানৰ হৈ পক্ষপাতিত্ব কৰিব পাৰে। ইয়াৰ উপৰিও, আফগানিস্তানৰ টিটিপিৰ (তেহৰীক-ই-তালিবান পাকিস্তান) সমস্যাত জৰ্জৰিত পাকিস্তানে ছৌদিৰ পৰা সহায়ৰ আশা কৰিছে।

ছৌদি আৰৱত ইছলামৰ পবিত্ৰ স্থান মক্কা আৰু মদিনা অৱস্থিত। পাকিস্তানে এই ক্ষেত্ৰতো লাভ পোৱাৰ সম্ভাৱনা আছে। ২০২৪ চনত ৮০ হাজাৰ পাকিস্তানীয়ে হজৰ বাবে অনুমতি পোৱা নাছিল, যিসকলে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। প্ৰতিবছৰে পাকিস্তানৰ পৰা প্ৰায় ২ লাখ লোক হজৰ বাবে ছৌদিলৈ যায়। এই নতুন চুক্তিৰ পিছত পাকিস্তানে ধৰ্মীয় ক্ষেত্ৰতো ছৌদিৰ পৰা লাভ উঠাবলৈ চেষ্টা কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...