এইগৰাকী কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে হাস্পতালৰ ইটা আৰু শিল চুৰিৰ অভিযোগ

অসম দেশৰ বিষম কথা। এইবাৰ বিধায়কৰ বিৰুদ্ধে চুৰিৰ অভিযোগ। এগৰাকী কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে উত্থাপিত হৈছে চৰকাৰী সামগ্ৰী চুৰিৰ অভিযোগ। উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। কৰিমগঞ্জ অসামৰিক চিকিত্সালয়ৰ নিৰ্মীয়মান ক’ভিড হাস্পতালৰ ইটা আৰু শিল ব্যক্তিগত কামত ব্যবহাৰ কৰাৰ অভিযোগ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে। চৰকাৰী সামগ্ৰী ট্ৰাকত তুলি লৈ যোৱাৰ সময়ত বিষয়টো নজৰত পৰিছিল কৰিমগঞ্জ অসামৰিক চিকিত্সালয় কৰ্তৃপক্ষৰ। তেনে সময়ত ট্ৰাকৰ চালকজনক হাস্পতাল কৰ্তৃপক্ষই সোধা-পোছা কৰাত পোহৰলৈ আহে এই তথ্য। ট্ৰাকৰ চালকে স্বীকাৰোক্তি দিয়ে যে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই সামগ্ৰীখিনি লৈ যোৱাৰ বাবে প্ৰেৰণ কৰিছিল ট্ৰাকখন। এগৰাকী বিধায়কৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ পিছতে বৰাকত অব্যাহত আছে প্ৰতিক্ৰিয়া ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...