বজালী জিলা গঠন, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাত সম্পূৰ্ণানন্দ তালুকদাৰৰ অৱদান অনস্বীকাৰ্য: মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসম আন্দোলনৰ অগ্রণী সেনানী, বজালী নিবাসী বিশিষ্ট সমাজ সেৱক- শিক্ষাবিদ তথা বজালী মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ সদ্যপ্রয়াত সম্পূৰ্ণানন্দ তালুকদাৰৰ পাঠশালাস্থিত বাসগৃহত উপস্থিত হৈ শােকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে তেখেতৰ প্রতিকৃতিত পুস্পাঞ্জলি অর্পণেৰে শ্রদ্ধা নিবেদন কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্রার্থনা জনায়।

পৰিয়ালটোক সাক্ষাতৰ সময়ত মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, বিটিআৰৰ প্ৰধান প্রমােদ বড়াে আৰু ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ উপস্থিত থাকে। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হােৱা কথা- বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে বজালী জিলা গঠন, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাকে ধৰি বৃহত্তৰ বৰপেটা বজালী অঞ্চলৰ সামগ্রিক বিকাশত প্রয়াত সম্পূৰ্ণানন্দ তালুকদাৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে। অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ বাবে অহােপুৰুষাৰ্থ কৰা এইগৰাকী নিষ্ঠাবান সমাজকর্মীৰ বিয়ােগ ৰাজ্যৰ সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক বৃহৎ ক্ষতি বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...