এইবাৰ বলিউডৰ ডাবাং খানক হত্যাৰ ভাবুকি কাৰ?

বলিউডৰ ডাবাং খানক হত্যাৰ ভাবুকি। ছলমান খান আৰু তেওঁৰ পিতৃ ছেলিম খানলৈ ভাবুকি পত্ৰ প্ৰেৰণ। প্ৰাতঃভ্ৰমণলৈ যাওঁতেই ভাবুকি পত্ৰ লাভ চলমানৰ। ভাবুকি পত্ৰ লাভ কৰাৰ পিছতে মুম্বাই আৰক্ষীক অভিযোগ দাখিল ছলমানৰ। ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাত গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ নাম সাঙোৰ খোৱাৰ পিছতে ছলমান আৰু পিতৃলৈ অহা ভাবুকি পত্ৰকলৈ চাঞ্চল্য।

কাৰণ ২০১৮ চনতো লৰেন্স বিষ্ণয় গেঙে ভাবুকি প্ৰদান কৰিছিল ছলমান খানক। লৰেন্স বিষ্ণয় সম্প্ৰতি বন্দী হৈ আছে দিল্লীৰ তিহাৰ জে’লত। সিদ্ধু মুছেৱালাৰ হত্যাৰ গোচৰত কাৰাগাৰতে সোধাপোছা চলোৱা হৈছিল লৰেন্সক। তাৰ পিছতে ছলমান খানলৈ ভাবুকি পত্ৰ প্ৰেৰণ কৰা ঘটনাত লৰেন্স বিষ্ণয় গেঙেই জড়িত থকা বুলি প্ৰাথমিক অৱস্থাত সন্দেহ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...