ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। ইতিমধ্যে ছবিখনৰ প্ৰমোচনৰ কাম আৰম্ভ হৈছে। এইবাৰ ছলমান খানে ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ কথাও পোহৰলৈ আহিছে। ছলমান খানৰ বিপৰীতে সীতাৰ চৰিত্ৰত আছিল সোণালী বেন্দ্ৰে। হয়, ৰণবীৰে ৰামৰ চৰিত্ৰত অভিনয়ৰ বহু আগতেই ঠিক হৈছিল যে, ভাইজান ছলমানে ৰামৰ চৰিত্ৰত আৰু সোণালীয়ে সীতাৰ চৰিত্ৰত অভিনয় কৰিব।
৯০ৰ দশকৰ আৰম্ভণিতে এনে এখন ছবিৰ কথা ভবা হৈছিল। প্ৰযোজনাৰ দায়িত্ব ল’বলৈ সাজু আছিল ছলমানৰ ভায়েক ছোহেল খান। ছবিখনৰ সৈতে পূজা ভাট্টো জড়িত আছিল। জানিব পৰা মতে, ছবিখনৰ ৪০ শতাংশৰ শ্বুটিঙো সম্পূৰ্ণ হৈ গৈছিল। ৰামৰ সাজত ছলমানে ছবিখনৰ প্ৰচাৰো আৰম্ভ কৰি দিছিল।
কিন্তু তাৰ পিছতো ছবিখন কিয় বন্ধ হৈ গ’ল? জানিব পৰা মতে, বাজেটৰ সমস্যাৰ বাবে কাম আগবাঢ়ি পৰা নাছিল। সেই সময়ত ছোহেল খান আৰু পূজা ভাট্টৰ সম্পৰ্কৰ চৰ্চাও বিয়পি পৰিছিল। ১৯৯৫চনৰ এটা সাক্ষাৎকাৰত পূজাই বিয়াৰ কথাও কৈছিল। ছলমানৰ পিতৃ ছেলিম খানে এই বিষয়টো মানি ল’ব পৰা নাছিল। তেওঁ ছোহেলক পিছুৱাই আহিবলৈ কৈছিল। ছলমানে শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। ছবিখন শেষত নিৰ্মাণ নোহোৱাৰ আঁৰত ছোহেল আৰু পূজাৰ সম্পৰ্কৰো ভূমিকা আছিল বুলি শুনা যায়। ছলমানৰ ৰামৰ চৰিত্ৰত অভিনয়ৰ ইচ্ছাও অপূৰ্ণ হৈ ৰ’ল।
অৱশেষত বলীউডত ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰে। ৰামৰ চৰিত্ৰত অভিনয়ৰ সুযোগ পাই ৰণবীৰৰ কেনে লাগিছে, এনে নানা প্ৰশ্ন উত্থাপিত হৈছে। শেহতীয়াকৈ এখন আলোচনা সভাত ৰণবীৰে এই বিষয়ে মন্ব্য কৰিছে। অভিনেতাজনৰ মতে, এইটো তেওঁৰ সপোনৰ চৰিত্ৰ।
ৰণবীৰে কৈছে, “আমি এই মুহূৰ্তত ‘ৰামায়ণ’ৰ কামত জড়িত। মোৰ শৈশৱৰ বন্ধু নমিত মলহোত্ৰই অতি নিষ্ঠাৰে এই ছবি নিৰ্মাণ কৰি আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰেষ্ঠ শিল্পীৰ সৈতে কাম কৰি আছো। কলা-কুশলীসকল প্ৰত্যেকেই অতি সৃজনশীল।”
জানিব পৰা গৈছে যে, ‘ৰামায়ণ’ দুটা ভাগত মুক্তি পাব। ৰণবীৰে জনোৱা মতে, প্ৰথম ভাগৰ শ্বুটিং ইতিমধ্যে সম্পূৰ্ণ হৈছে। ৰামৰ চৰিত্ৰত অভিনয়ৰ অভিজ্ঞতাও অভিনেতাজনে শ্বেয়াৰ কৰিছে। দ্বিতীয় ভাগৰ শ্বুটিং অতি সোনকালে আৰম্ভ হ’ব। ৰণবীৰে কৈছে, “ৰামৰ চৰিত্ৰত অভিনয় কৰিব পাই মই সঁচাকৈয়ে কৃতজ্ঞ। এইটো মোৰ বাবে এটা ডাঙৰ সপোন আছিল। এই ছবিত সকলো আছে। পৰিয়াল, স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ সমীকৰণ— ভাৰতীয় সংস্কৃতিৰ বিষয়ে বহু কথা এই ছবিয়ে শিকাব।”
‘ৰামায়ণ’ৰ প্ৰথম ভাগ ২০২৬ চনত মুক্তি পাব। দ্বিতীয় ভাগ মুক্তি পাব ২০২৭ চনত।
