দুদিনীয়া ভ্ৰমণ সামৰি কাজিৰঙাৰ পৰা বিদায় ল’লে শচীন তেণ্ডুলকাৰে

দুদিনীয়া ভ্ৰমণ সামৰি কাজিৰঙাৰ পৰা বিদায় ল’লে শচীন তেণ্ডুলকাৰে। কাজিৰঙাৰ পৰা বৰঝাৰ হৈ আজি অসম এৰিব তেণ্ডুলকাৰে। পত্নী–কন্যাৰ সৈতে কাজিৰঙা নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিলে তেণ্ডুলকাৰে। কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি অভিভূত তেণ্ডুলকাৰ। অসমৰ প্ৰেমত ক্ৰিকেটৰ ভগৱান মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। কাজিৰঙাৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা শচীন তেণ্ডুলকাৰ। পৰিয়ালৰ সৈতে কাজিৰঙাত জীপ ছাফাৰি কৰি বৰ্ণনা কৰিলে কাজিৰঙাৰ সৌন্দৰ্য। আজি পুৱাই পুনৰ কহঁৰা বনাঞ্চলত প্ৰৱেশ তেণ্ডুলকাৰৰ৷ কহঁৰা বনাঞ্চলত বন বিভাগৰ ঘৰচীয়া হাতীক খুৱালে খাদ্য। মঙলবাৰেও কহঁৰা আৰু বাগৰি বনাঞ্চল দৰ্শন কৰিছিল তেণ্ডুলকাৰে৷ মঙলবাৰে নিশা ৰিজ’ৰ্টত অসমীয়া খাদ্যও গ্ৰহণ কৰে তেণ্ডুলকাৰে। জলপান, চিৰা, মুড়ি, দৈৰ সোৱাদ ল’লে তেণ্ডুলকাৰে। নিশাৰ আহাৰত ভাত, কোমোৰা, ঔটেঙাৰে মাছৰ জোলৰ ল’লে সোৱাদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...