চেন্নাই ছুপাৰ কিংছক নতুন দিগন্ত দিবলৈ সাজু ৰুতুৰাজ

CSKত অন্ত পৰিল এম এছ ধোনীৰ যুগ
চেন্নাই ছুপাৰ কিংছক নতুন দিগন্ত দিবলৈ সাজু ৰুতুৰাজ
নতুন অধিনায়ক ৰূপে চেন্নাইক নেতৃত্ব দিব ৰুতুৰাজ গায়কোৱাডে

চেন্নাই ছুপাৰ কিংছ মানেই ধোনী, ধোনী মানেই যেন চেন্নাই ছুপাৰ কিংছ। IPLৰ আৰম্ভণিৰ পৰাই চেন্নাই ছুপাৰ কিংছৰ সকলো জয়-পৰাজয়ৰ, ঘাট প্ৰতিঘাটৰ লগত জৰিত আছে এম এছ ধোনী। প্ৰায় ১৬টা ছিজন চেন্নাই ছুপাৰ কিংছ নেতৃত্ব দি আহিছিল কেপ্টেইন COOLয়ে। কিন্তু এতিয়া সময় হ’ল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতেই এম এছ ধোনীয়ে আৰু কিমান বছৰ CSK নেতৃত্ব দি যাব তাকেই লৈ চলি আছিল চৰ্চা। ২০২৫ত অনুষ্ঠিত হ’ব IPLৰ মেগা নিলাম। আগন্তক ৫ বছৰৰ লক্ষ্য লৈ দলসমূহে মেগা নিলাম ক্ৰয় কৰিব খেলুৱৈ। সেই লক্ষ্যৰে গায়কোৱাডক নতুন অধিনায়কৰূপে দায়িত্ব অৰ্পন কৰিছে চেন্নাইৰ মেনেজমেণ্টে।

ৰুতুৰাজ গায়কোৱাডে বৰ্তমানলৈ CSKৰ বাবে খেলিছে ৫২খন মেচ
৫২খন মেচত গায়কোৱাডে অৰ্জন কৰিছে ১,৭৯৭ ৰান
১টা শতক আৰু ১৪টা অৰ্ধ-শতকো অৰ্জন কৰিছে ৰুতুৰাজে

ইপিনে, এম ধোনীৰ CSK আৰু IPLলৈ অধিনায়কৰূপে আগবঢ়োৱা অৱদানো আছিল গুৰুত্বপূৰ্ণ। ধোনীৰ নেতৃত্বত

৫ বাৰকৈ IPLৰ খিতাপ দখল কৰিছে চেন্নাইয়ে
CSKৰ বাবে IPLত ধোনীয়ে খেলিছে ২৫০খনকৈ মেচ
IPLত ধোনীয়ে চেন্নাইৰ বাবে অৰ্জন কৰিছে ৫ হাজাৰৰো অধিক ৰান

কিন্তু এতিয়া যেন সকলো অতীত। অধিনায়কত্বৰ নতুন দিগন্ত লৈ ধোনীৰ পিছত ২২ গজৰ যুঁজত নামিবলৈ সাজু হৈছে ৰুতুৰাজ। প্ৰথম মহাৰণত শুকুৰবাৰে সমুখ সমৰত থাকিব শক্তিশালী RCB। কোহলি, মেক্সৱেল, ফাফ ডু প্লেচিছ দৰে চমকপ্ৰদ খেলুৱৈৰ আগত চলিব নে ৰুতুৰাজ আৰু CSKৰ যাদু। অপেক্ষাত ক্ৰিকেট অনুৰাগী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...