কাইলৈ ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে জানি লওক এইকেইটা কথা

কাইলৈ বিজয়া দশমী। নৈত বিলীন হৈ যাব মা দুৰ্গাৰ মৃন্ময় প্ৰতিমা। ইতিমধ্যে সাজু হৈ উঠিছে নিৰ্দিষ্ট বিসৰ্জনস্থলীসমূহ। সাজু গুৱাহাটী মহানগৰ প্ৰশাসন। নিৰ্দিষ্ট নিয়মাৱলীৰ মাজেৰে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঘাটসমূহত বিসৰ্জন দিব পাৰিব দেৱী প্ৰতিমা। অৱশ্যে এইবাৰ দশমীত কোনো আয়োজকে ব্যৱহাৰ কৰিব নোৱাৰি কোনো উচ্চস্তৰৰ সংগীত। মহানগৰীত ৬টাকৈ ঘাটত হ’ব প্ৰতিমা বিসৰ্জন।

১. চানমাৰি দিশৰ পৰা অহা বাহনসমূহ TC পইণ্টৰ পৰা MC ৰোড হৈ যাব।

২. টকৌবাৰী-পল্টনবজাৰ-ৰিহাবাৰী-লালগণেশ দিশৰ পৰা অহা বাহনসমূহ B.K. কাকতি ৰোড পানবজাৰ অভাৰব্ৰীজ হৈ আহিব পাৰিব।

৩. A.K. আজাদ ৰোড নেপালী মন্দিৰ হৈও যাব পাৰিব বাহনসমূহ।

৪. কুমাৰপাৰা-আঠগাঁও দিশৰ পৰা অহা বাহনসমূহ A.T. ৰোড হৈ আহিব লাগিব।

৫. ৰাজগড়-ভঙাগড় দিশৰ পৰা আহিবলগীয়া বাহনসমূহ T.C. পইণ্ট-M.G ৰোড হৈ আহিব লাগিব।

৬. গণেশগুৰি-দিছপুৰ-কাহিলীপাৰাৰ দিশৰ পৰা বাহনসমূহ R.G. বৰুৱা ৰোড-গুৱাহাটী ক্লাৱ হৈ আহিব লাগিব।

৭. বি বৰুৱা পথেৰে কোনো প্ৰতিমা কঢ়িওৱা বাহন আহিব নোৱাৰিব।

৮. ভৰলুমুখ-ফটাশিলৰ দিশৰ পৰা অহা বাহনসমূহ A.T. ৰোড হৈ পাণ্ডু লৈ যাব।

পাণ্ডু ঘাটৰ বাবে পৃথক পথ নিৰ্দেশনাঃ

মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু দিশলৈ যাব নোৱাৰিব কোনো প্ৰতিমা কঢ়িওৱা বাহন।

১. আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু প’ৰ্ট হৈ সোমাব লাগিব বাহনসমূহ।

২. বিসৰ্জনৰ পিছত শদিলাপুৰ ৬ নং কলনী হৈ জালুকবাৰী দিশলৈ যাব লাগিব।

৩. চানমাৰি দিশৰ পৰা জালুকবাৰী দিশলৈ যোৱা বাহন পানবজাৰ অভাৰব্ৰীজ হৈ যাব লাগিব।

৪. জালুকবাৰী-ভৰলুমুখৰ পৰা চানমাৰিলৈ অহা বাহন A.T. ৰোড হৈ আহিব লাগিব।

৫. উজানবজাৰ-খাৰঘুলি-নুনমাটি দিশৰ বাহনসমূহ তৈবুল্লা ৰোড হৈ যাব লাগিব।

৬. এপ’ল’ পইণ্টৰ পৰা TRP ৰোড আৰু H.B. ৰোড ONEWAY হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...