২৪ বছৰ বিনা বেতনে শিক্ষাদান কৰা অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্ৰ মিশ্ৰক সম্বৰ্ধনা

সৰুক্ষেত্ৰী মৌজাৰ বেঙাপাৰা গাঁৱৰ নিবাসী, সৰুক্ষেত্ৰী হাইস্কুল-বণিয়াকুছিৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্ৰ মিশ্ৰক তেওঁৰ বাসগৃহত গৈ সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায়। সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃত্যুঞ্জয় বৰ্মন, বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য শৈলেন তালুকদাৰ, গীতাৰ্থ ডেকা আৰু সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য পল্লৱ ডেকাই অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ বাসগৃহত উপস্থিত হৈ মানপত্ৰ, ফুলাম গামোচা আৰু গছৰ পুলিৰে তেওঁক সম্বৰ্ধনা জনায়।

১৯৮৯ চনৰ ২৩ মে’ত অপ্ৰাদেশীকৃত পূৰ্ব সৰুক্ষেত্ৰী আদৰ্শ বালিকা বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল হেমেন্দ্ৰ মিশ্ৰই। এই বিদ্যালয়খনৰ দ্বিতীয় শিক্ষক আছিল তেওঁ। কিন্তু কিছুদিন পিছত প্ৰথম শিক্ষকগৰাকী গুচি যোৱাত হেমেন্দ্ৰ মিশ্ৰ প্ৰথম শিক্ষক হিচাপে দায়িত্ব লয়। এই বিদ্যালয়খনত ২০১২ চনলৈ প্ৰায় ২৪ বছৰ বিনা বেতনে শিক্ষাদান কৰে তেওঁ। বিদ্যালয়ৰ সামগ্ৰীসমূহ আন শিক্ষকসকলৰ সৈতে মিলি কিনিছিল। প্ৰথম অৱস্থাত শিক্ষকসকলৰ বহিবলৈও কোনো ব্যৱস্থা নাছিল। ২০১৩ চনত এই বিদ্যালয়খন প্ৰাদেশীকৰণ হয়। চৰকাৰৰ নিয়ম অনুসৰি ২০২৩ চনত উক্ত বিদ্যালয়খন সৰুক্ষেত্ৰী হাইস্কুলৰ সৈতে একত্ৰীকৰণ কৰা হয়। একত্ৰীকৰণৰ কিছুদিন পিছত, অৰ্থাৎ ২০২৪ চনৰ ৩১ অক্টোবৰত তেওঁৰ চাকৰি জীৱন সমাপ্ত হয়। কিন্তু আনুষ্ঠানিকভাৱে তেওঁ বিদ্যালয়ৰ পৰা অৱসৰ লয় ২০২৫ চনৰ ২৪ মে’ত। এই খবৰ পাই সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই তেওঁৰ অৱদানৰ বাবে তেওঁৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায়। তেওঁ এগৰাকী শিক্ষকৰ লগতে এজন সমাজকৰ্মীও। অঞ্চলটোৰ প্ৰতিটো কামত তেওঁ সহায়ৰ হাত আগবঢ়ায়। বহু দুখীয়া ল’ৰা-ছোৱালীক তেওঁ নিজৰ ঘৰত বিনামূল্যে শিক্ষা প্ৰদান কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...