পলিটেকনিক শিক্ষকৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰক : আছু

অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ একাংশ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবীত দীর্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে যদিও কোনো সুফল পোৱা নাই। তাৰ মাজতে এই সকল শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথাহে ঘোষণা কৰা পৰিলক্ষিত হৈছে। আজি এই সমগ্র বিষয়টো সন্দর্ভত তাৎক্ষণিক হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ জৰুৰী চিঠি প্ৰেৰণ কৰিছে সদৌ অসম ছাত্র সন্থাই। মানৱীয় দৃষ্টিভংগীৰে শিক্ষকসকলৰ সংস্থাপনৰ দিশটো বিবেচনা কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছে।

ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দর্ভত এক বিবৃতিযোগে কয় যে- বিগত বর্ষসমূহত অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক আৰু প্ৰশাসনীয় কাম-কাজৰ ক্ষেত্ৰত অংশকালীনভাবে নিযুক্তি প্রাপ্ত এই শিক্ষকসকলৰ অৱদান নুই কৰিব নোৱাৰি। অসমৰ পলিটেকনিকসমূহত স্থায়ী নিযুক্তি দিব বিচৰাটো ইতিবাচক কথা। পদসমূহত যোগ্যতাৰ ভিত্তিত স্বচ্ছ নিযুক্তি হোৱাটো ছাত্র সন্থাই বিচাৰে। একে সময়তে, অত বছৰে নিঃস্বার্থভাৱে সেৱা আগবঢ়াই অহা অংশকালীন চাকৰিয়ালসকলকো দলনিত পোনা মেলা দি আঁতৰাই দিব খোজাটোও গ্রহণযোগ্য নহয়। এইসকল শিক্ষকৰো মেধা আৰু যোগ্যতাৰ ভিত্তিতেই নির্দিষ্ট প্রক্ৰিয়াৰ মাজেৰে নিযুক্তি হৈছিল। তেওঁলোকৰ প্ৰায় সংখ্যকেই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। অনেকৰ নতুন চাকৰিৰ আবেদনৰ বয়সো উকলি গৈছে। তেনে প্রেক্ষাপটত তেওঁলোকক এইদৰে চাকৰিৰ পৰা খেদি দিব বিচৰাটো মানৱতাৰ পৰিপন্থী হৈছে। বিষয়টো মানৱীয় দৃষ্টিৰে বিবেচনা কৰি এক বিশেষ নীতিৰ আধাৰত এই সকল শিক্ষকৰো সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ছাত্ৰ সন্থাই আহ্বান জনাইছে। এইদৰে হঠাৎ সংস্থাপন হেৰুৱাবলগীয়া হ’লে পৰিয়ালসমূহলৈ অন্ধকাৰ নামি আহিব। বিষয়টো সন্দর্ভত ছাত্র সন্থাই মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...